চুবুৰীয়া ৰাজ্য মণিপুৰৰ (Manipur) নোনে জিলাত (Noney District) সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ (Massive Landslide) ঘটনাই শোকৰ বন্যা নমাইছে অসমতো (Assam)। পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ শ্ৰম কৰা অসমৰ কেইবাজনো শ্ৰমিক এই ভূমিস্খলনত সন্ধানহীন হৈ থকাত এতিয়া সেইসকল শ্ৰমিকৰ ঘৰত কান্দোনৰ ৰোল উঠিছে।
বুধবাৰে নিশা মণিপুৰৰ নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণ শিৱিৰত (Tupul Yard Railway Construction Site) সংঘটিত হৈছিল ভয়ংকৰ ভূমিস্খলনৰ (Massive Landslide) ঘটনা। এই ভূমিস্খলনৰ পিছত উদ্ধাৰকাৰী বাহিনীয়ে ৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ৫০ গৰাকী লোক (50 Person Missing)।
জানিব পৰা মতে, সন্ধানহীন হৈ থকা সকলৰ ভিতৰত আছে ২৩ জন টেৰিট’ৰিয়েল আৰ্মীৰ ২৩তম পদাতিক বেটেলিয়ানৰ জোৱান। আনহাতে ৰে’লৱে য়াৰ্ডৰ নিৰ্মাণত কৰ্মৰত অসমৰ ১৭ জন শ্ৰমিকো এই ঘটনাত সন্ধানহীন হৈ আছে।
টুপুলৰ (Tupul) শোকাবহ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুৱাইছে অসমৰ এগৰাকী জোৱানেও (Assam Jawan Died)। ভূমিস্খলন সংঘটিত অঞ্চলত কৰ্তব্যৰত বজালীৰ সেনা জোৱান জিয়াৰুল ইছলামে প্ৰাণ হেৰুৱায় এই শোকাবহ ঘটনাত। আজি স্বগৃহলৈ জিয়াৰুলৰ নশ্বৰ দেহ অনা হ’ব বুলি জানিব পৰা গৈছে।
তদুপৰি অসমৰ মৰিগাঁও জিলাৰ (Morigaon District) লাহৰিঘাটৰ (Laharighat) এজন শ্ৰমিক এই ঘটনাত নিহত হোৱাৰ লগতে আন ৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনক লাহৰিঘাটৰ খোৰাগচাইবাৰী গাঁৱৰ গোপাল ফুকন (৩২) বুলি চিনাক্ত কৰা হৈছে।
#landslide in Noney, #Manipur | Four more bodies found in the morning operation at Tupul: #SDRF
(Video source: SDRF)#ManipurLandslide pic.twitter.com/PZE53iSPON
— newspointJ&K (@NewspointjK) July 1, 2022
#ManipurLandslide | Excavators being used to recover bodies from the river downstream of the Tupul yard railway construction site.
10 reported dead in the landslide that occurred near the construction site on June 29. pic.twitter.com/ZMdIwSoj8P
— NDTV (@ndtv) July 1, 2022
Manipur landslide updates: 3 more bodies recovered which took the death toll to 11 and 18 rescued so far. 53 are feared trapped under debris. Army, Assam Rifles, NDRF, police engaged in rescue operations @NewIndianXpress @TheMornStandard @gsvasu_TNIE @santwana99 pic.twitter.com/0H8JaseHEz
— Prasanta Mazumdar (@prasmaz_tnie) July 1, 2022
বৰ্তমানলৈকে ১৭জন শ্ৰমিক নিৰুদ্দেশ (17 Workers Missing) হৈ আছে। আটাইকেইজন শ্ৰমিক লাহৰীঘাট সমষ্টিৰ আছিল বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হৈ থকা শ্ৰমিক কেইজনৰ নাম হনুমান কোঁৱৰ (৪৭), সোনান কোঁৱৰ (৩০), উৎপল ফুকন (৪০), মমীন ডেকা ৰাজা (৪০), আকাশ লৰম (২১),পল্লৱ লৰম (২২), দেৱজিৎ ফুকন (২৩), বগীয়ান্ত ফুকন (৪০),ৰামু ফুকন (৩৫) (খুৰা গোসাঁইবড়ী গাঁও ), জুনটি বৰদলৈ (২৭) (কুশতলি) আৰু হৰমোহন ডেকা (৩০) (লাউভূৰুংগা )।
আনহতে আঘাত প্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা শ্ৰমিক কেইজনৰ নাম প্ৰহ্লাদ বসুমতাৰী (১৯), মনিৰাম ফুকন (৩৫), ৰমেন ফুকন (৩৩), মহেশ্বৰ ফুকন (৩২) (খুৰা গোসাঁইবড়ী), জুন বসুমতাৰী (২৪) (আমগুৰি)। ইপিনে মৃত শ্ৰমিক গোপাল ফুকনৰ বাসগৃহত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।
বৃহস্পতিবাৰেও ভূমিস্খলনৰ ঘটনাত ৬ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল (6 Person Deadbody Recover)। মৃত লোককেইগৰাকীৰ ভিতৰত মহিলা আৰু শিশুও আছিল।
Photo & Input: ছাদ্দাম হুছেইন
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/north-east/flood-and-landslide-in-assam-norteast/10133/
Discussion about this post