‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …
অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ বহুদিনীয়া এটা সপোনে দিঠকত ৰূপ লাভ কৰিব। কাশ্মীৰলৈ আৰম্ভ হ’ব পোনপতীয়া ৰেলসেৱা। ইতিমধ্যে জম্মু-কাশ্মীৰৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’লপথৰ কাটৰা-বনিহাল অংশৰ ১৭৯ ডিগ্ৰী (179-degree) গ্ৰেডিয়েণ্টত বুধবাৰে ভাৰতীয় ৰে’লৱেই বিভাগে সফলতাৰে ট্ৰাইল ৰাণ চলায়। এই পৰীক্ষাটো কাশ্মীৰলৈ পোনপতীয়া ৰেল সেৱাৰ বাবে এক মাইলৰ খুটিঁ হিচাপে বিবেচিত হৈছে।
ঘণ্টাত ১১০ কিলোমিটাৰ (110 km/hour) বেগত চলিছিল এই পৰীক্ষামূলক ৰে’লখন। ৰেলৱেৰ উত্তৰ চক্ৰৰ ৰেলৱে সুৰক্ষা আয়ুক্ত (CRS) দীনেশ চান্দ দেশৱালে (Dinesh Chand Deshwal) এই সাফল্যক “ৰে’লৱেৰ ইতিহাসৰ এক নতুন অধ্যায়” (“a new chapter in the history of the Railways”) বুলি অভিহিত কৰিছে। বানিহাল (Banihal) ষ্টেচনত ভাষণ দি তেওঁ অভিযন্তাসকলক অঞ্চলটোৰ অনন্য প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে প্ৰশংসা কৰে। “
এই পৰীক্ষামূলক ৰে’লখন কাটৰা (Katra) ষ্টেচনৰ পৰা পুৱা ১০:৩০ বজাত যাত্ৰা আৰম্ভ কৰি , ১.৫ ঘন্টাত বানিহাল ষ্টেচন (Banihal) পালেগৈ। তাত কিছু সময়ৰ বাবে ৰোৱাৰ পাছত বিয়লি ৩:৩০ বজাত পুনৰ কাটৰা (Katra) ষ্টেচনলৈ উভতি আহিল।
কাশ্মীৰক ৰেলযোগে সংযোগ কৰাৰ সপোন দুটা দশকৰো অধিক সময় ধৰি চলি আহিছে। ১৯৯৭ (1997) চনত USBRL প্ৰকল্প আৰম্ভ হৈছিল যদিও অঞ্চলটোৰ প্ৰত্যাহ্বানমূলক ভূতত্ত্ব, ভূ-প্ৰকৃতি আৰু বতৰৰ পৰিস্থিতিৰ বাবে বহু পলমৰ সন্মুখীন হৈছিল। বিপৰ্যয়ৰ মাজতো এতিয়া এই প্ৰকল্পটোৱে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে, অহা মাহত ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিয়াচি-কাট্ৰা (Reasi-Katra) ষ্ট্ৰেচৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
জন্মু কাশ্মীৰৰ চেনাব নদীৰ (Chenab River) ওপৰত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ ওখ ৰেলৱে দলং (World’s Tallest Chenab Rail Bridge) খনো ভাৰতবাসীৰ বাবে এক গৌৰৱ ।
Discussion about this post