পাকিস্তানী সন্ত্রাসবাদীয়ে পেহেলগামত কৰা নৃশংস হত্যা কাণ্ডৰ আজি এবছৰ …
২০২৫ চনৰ ২২ এপ্ৰিল এই দিনটোতেই পাকিস্তানী সন্ত্রাসবাদীয়ে কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত নৃশংসভাৱে হত্যা কৰিছিল ২৫ গৰাকী ভাৰতীয় আৰু এগৰাকী নেপালৰ পর্যটকক।
আজিও সেই দিনটোৰ কথা ভাৱি বহু পৰিয়ালৰ বুকু কপি উঠিছে ।
আজিও মনত আছে ‘তুমি হিন্দু নে মুছলিম’ বুলি শুধা প্ৰশ্ন।
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জনাই সামাজিক মাধ্যমৰ পোষ্টোত লিখিছে- যোৱা বছৰৰ আজিৰ দিনটো অৰ্থাৎ ২০২৫ চনৰ ২২ এপ্ৰিল তাৰিখটো ভাৰতবৰ্ষৰ ইতিহাসত এক কৰুণ গাথা হিচাপে চিহ্নিত হৈ থাকিব ৷ আজিৰ দিনটোতে জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ বৰ্বৰতাত প্ৰাণ গৈছিল ভাৰত মাতৃৰ ২৬গৰাকী নিৰীহ সন্তানৰ৷ সেই কৰুণ অধ্যায়ৰ এবছৰ সম্পূৰ্ণ হোৱাৰ এই সময়ত প্ৰতিগৰাকী অমৰ সন্তানক আজি বিনম্ৰতাৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনালোঁ ৷ ভাৰত মাতৃৰ প্ৰতিগৰাকী সন্তানে পাকিস্তানৰ এই বৰ্বৰতাক চিৰদিন কঠোৰভাৱে মনত ৰাখিব ৷





























Discussion about this post