হোজাই জিলাৰ (Hojai District) লংকাৰ (Lanka) লস্কৰ পথাৰত সংঘটিত হৈছে এক অতি হৃদয় বিদাৰক ঘটনা (Tragic Incident)। পিতৃৰ গাড়ীৰ চেপাত কৰুণ মৃত্যুক সাৱটিলে ১১ মহীয়া কন্যাই (11 Months Baby Died)। গেৰেজৰ পৰা গাড়ী উলিওৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
জানিব পৰা অনুসৰি, লস্কৰ পথাৰৰ টেনটুলি গাঁৱত ঘৰৰ গেৰেজত পাৰ্ক কৰা বলেৰ’ পিকআপ ভানখন উলিওৱাৰ সময়তে গাড়ীৰ চকাৰ তলত সোমাই পৰে চোতালত খেলি থকা ১১ মহীয়া কন্যা সন্তানটি। গুৰুতৰভাৱে আহত শিশুটিক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
পিতৃৰ নাম ফৰিজ উদ্দীন। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বলেৰ’ পিকআপ ভানখন। লংকা আৰক্ষী (Lanka Police) ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
Photo & Input: Khatag Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/one-more-died-for-ambulance-at-majuli-in-assam/12376/
Discussion about this post