কি হৈছে মাজুলীৰ স্বাস্থ্যখণ্ডত (Majuli Health Department)? পুনৰ একেই ঘটনা সংঘটিত হ’ল মাজুলীৰ স্বাস্থ্যখণ্ডত। উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু (Died For Ambulance) হৈছে এজনৰ পিছত আন এজন লোকৰ।
তেজস্বীতা বৰুৱাৰ মৃত্যুৰ (Tejaswita Baruah Died Case) ঘটনাই মাজুলীৰ স্বাস্থ্যখণ্ডৰ পয়ালগা স্বৰূপটো উদঙাই দিয়াৰ পিছতে পুনৰ দুজনকৈ লোকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিব পৰা অনুসৰি, শুকুৰবাৰে মাজুলীৰ মাজাগাঁৱৰ হলিৰাম শইকীয়া নামৰ ৫২ বছৰীয়া লোকজন অসুস্থ হৈ পৰাত তেওঁক গড়মূৰস্থিত শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী ৰাজ্যিক চিকিৎসালয়লৈ নিবলৈ ১০৮ সেৱালৈ ফোন কৰে যদিও ১০৮ সেৱাৰ পৰা লাভ নকৰে কোনোধৰণৰ সঁহাৰি।
উপায়ন্তৰ হৈ দীৰ্ঘ সময়ৰ পিছত পিছত হলিৰাম শইকীয়াক ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত উপস্থিত হোৱাত পলম হোৱাৰ বাবেই তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে তেজস্বিতাৰ মৃত্যুৰ দুটা সুপ্তাহ নহওতেই ১৯ অক্টোবৰত আদিত্য পায়েং (Aditya Payeng) নামৰ এজন যুৱকে আই চি ইউ টেকনিচিয়ান নথকাৰ বাবেই মৃত্যু হ’বলগীয়া হৈছিল। তেজস্বীতাৰ মৃত্যুৰ পিছতে তৎকালীনভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগে মাজুলীলৈ প্ৰেৰণ কৰিছিল ৩খন ১০৮ এম্বুলেঞ্চ।
তাৰ পিছতো মাজুলীত (Majuli) মাত্ৰ দুদিনৰ ভিতৰত দুজনকৈ লোক এম্বুলেঞ্চলৰ অভাৱত মৃত্যুক সাৱটে।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/food/health-tips-fake-egg-alert-watch-lifestyle-tips/12371/
Discussion about this post