১২ মে’ত বিয়া। ইতিমধ্যে ঘৰত চলি আছিল বিয়াৰ প্ৰস্তুতি। বিয়াৰ পূৰ্বে নিজৰ পচন্দৰ বস্তু কেইপদমান কিনিবলৈ মিৰাটলৈ গৈছিল কইনা পিংকী। লগত আছিল খুড়াক, খুড়ীয়েক আৰু তেওঁলোকৰ দুই সন্তান। শনিবাৰে বজাৰ কৰি নিশাই তেওঁলোকে উভতিছিল ঘৰলৈ। আহি থকাৰ সময়ত ঘৰলৈ মেছেজ কৰিছিল পিংকীয়ে। লিখিছিল- সোনকালে গৈ পাম।
কিন্তু সেয়াই আছিল পিংকীৰ শেষ মেছেজ! তাৰ কিছু সময় পিছতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পিংকীসহ পৰিয়ালৰ ৫ গৰাকী সদস্যই (5 People Died)।
উত্তৰাখণ্ডত (Uttarakhand) হৃষীকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত (Rishikesh Badrinath Highway) এখন গাড়ী (Rishikesh Badrinath Highway Car Accident) খাৱৈত বাগৰি পৰে, যাৰ ফলত বাহনখনত থকা এটা পৰিয়ালৰে পাঁচগৰাকী সদস্যই কৰুণ মৃত্যুক সাৱটি লয়। কোৱা হৈছে যে তেহৰিৰ (Tehri) টোটা ভেলীৰ (কোদিয়ালা)ৰ ওচৰত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২৫০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰিছিল। গাড়ীখনত যাত্ৰা কৰা যাত্ৰীসকলে কন্যাৰ বিয়াৰ বাবে বজাৰ কৰি ঘৰলৈ উভতি আহি আছিল। ইফালে খবৰ পোৱাৰ পিছত আৰক্ষী আৰু SDRFৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। একে সময়তে আৰক্ষীয়ে SDRFৰ সহায়ত মৃতদেহবোৰ উদ্ধাৰ কৰে আৰু তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে কৈছিল যে মৃত ২৫ বছৰীয়া পিংকী (২৫) ১২ মে’ত বিবাহপাশত আৱদ্ধ হ’বলগীয়া আছিল। তাইৰ বিয়াৰ সৈতে সম্পৰ্কিত বজাৰ কৰিবলৈ আটাইকেইজন লোক হৃষীকেশৰ পৰা টিহৰীলৈ গৈছিল, ৰাস্তাতে এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত পিংকী (২৫) ত্ৰিলোক সিং, প্ৰতাপ সিং (৪০), ভাগীৰথী দেৱী (৩৬), বিজয় (১৫), মঞ্জু (১২)ৰ ঘটনাস্থলীতে মৃত্যু হয়।
দুৰ্ঘটনাটোত আটাইকেইজনে মৃত্যুক সাৱটি লয়
চিঅ’ ৰবীন্দ্ৰ চামোলীয়ে কৈছিল যে অল্টো’ গাড়ীখন তেহৰিৰ ফালে গৈ আছিল। যিখন টোটাঘাটিৰ প্ৰান্তীয় গাঁৱৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ইয়াতে একেটা পৰিয়ালৰ পাঁচগৰাকী লোক ক্ৰমান্বয়ে পিতৃ, পুত্ৰ, মাতৃ আৰু দুগৰাকী কন্যা আছিল, যাৰ ঘটনাস্থলীতে মৃত্যু হয়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tragic-incident-6-years-old-boy-died-at-hajo-in-assam/8855/
Discussion about this post