হাজোৰ (Hajo) পালেপাৰাত এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে। সমনীয়াৰ লগত খেলি থাকোতে দুৱাৰৰ লোৰ গ্ৰীল পৰি মৃত্যুক আকোঁৱালি লʼলে এটি ৬ বছৰীয়া কণমানি শিশুৱে (6 Years Old Boy Died)। হাজোৰ পালেপাৰাৰ পংকজ কলিতা আৰু কৰবী কলিতাৰ একমাত্ৰ পুত্ৰ আছিল মৃত নিয়ৰ কলিতা।
আঘাতপ্ৰাপ্ত শিশুটিক ৰঙিয়াৰ এখন ব্যাক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। GMCHতে মৃত্যুক সাৱটি লʼলে শিশুটিয়ে। শিশুটিৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।
Photo & Input: বিকি মেধি
Discussion about this post