মহাৰাষ্ট্ৰৰ (Maharashtra) থানেৰ (Thane) পৰা এটা আচৰিত ভিডিঅ’ (Shocking Video) পোহৰলৈ আহিছে। তাত, এজন আৰক্ষীৰ তৎপৰতাৰ বাবে এজন যুৱকৰ জীৱন ৰক্ষা পৰিছিল। ঘটনাটো থানেৰ বিথলৱাড়ী ৰে’ল ষ্টেচনত (Railway Station) সংঘটিত হৈছিল। আৰক্ষীয়ে ট্ৰেকৰ পৰা আঁতৰাই ৰে’লখনৰ সন্মুখত জঁপিয়াই (Teenage Boy Jump In Front Of Railway Track) পৰা যুৱকজনৰ জীৱন ৰক্ষা কৰিছিল। ঘটনাটোৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।
#WATCH | Maharashtra: A police personnel saved a teenage boy's life by pushing him away from the railway track just seconds before an express train crossed the spot at Vitthalwadi railway station in Thane district. (23.03)
Video Source: Western Railway pic.twitter.com/uVQmU798Zg
— ANI (@ANI) March 23, 2022
ভিডিঅ’টোত, দেখা পোৱা গৈছে যে যুৱকজনে এক্সপ্ৰেছ ৰে’লখনৰ সন্মুখত জঁপিয়াই (Teenage Boy Jump In Front Of Railway Track) দিয়ে। ঠিক তেতিয়াই তাত থিয় হৈ থকা এজন আৰক্ষীৰ চকু যুৱকজনৰ ওপৰত পৰে। আৰক্ষীজনো জঁপিয়াই ট্ৰেক পাই আৰু ৰে’লখন অহাৰ পূৰ্বে যুৱকজনক ঠেলা মাৰি ট্ৰেকৰ পৰা আঁতৰাই দিয়ে। যুৱকজনৰ জীৱন ৰক্ষা পৰে। কিন্তু তাত থিয় হৈ থকা সকলোৱে এই ঘটনাটো দেখি আচৰিত হৈ উঠে। যুৱকজনে ৰে’লখনৰ সন্মুখত কিয় জঁপিয়াইছিল সেয়া এতিয়াও জনা হোৱা নাই।
Photo: Twitter
Discussion about this post