Optical Illusion Viral Photo: আপুনি কেতিয়াবা বিশ্বাস কৰিব পাৰিবনে যে এখন ফটো, যাক দেখাৰ লগে লগে আপোনাৰ ব্যক্তিত্বৰ (Personality) বিষয়ে সকলো বোৰ প্ৰকাশ কৰিব। কোৱা হয় যে এখন ছবি ১০০০ শব্দৰ সমান। এইটো কোৱা হয় কাৰণ আমাৰ মগজুটোৱে সেই ছবিখনৰ সৈতে জড়িত কাহিনী আৰু তাৰ সৈতে জড়িত বস্তুবোৰৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰে। Optical illusionৰ ফটো ওলায়ে থাকে, এই ফটোবোৰ (Viral Photo) চোৱাৰ পিছত মানুহৰ মগজু ঘূৰিবলৈ ধৰে। কেতিয়াবা এইটোও গম পোৱা নাযায় যে এই ফটোখনত কি আছে। এজন শিল্পীয়ে এনে এটা অপ্টিকেল ইলিউছন সৃষ্টি কৰিছে, এইটো দেখি, আপোনাৰ মনলৈ অহা চিন্তাই আপোনাৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰিব।
এজন শিল্পী যাৰ নাম Christo Dagorov, তেওঁ এই পেঞ্চিল পেইণ্টিংটো সৃষ্টি কৰিছে। এই ফটোখনত সকলোৱে বেলেগহে কিবা দেখিবলৈ পাব। আপুনি কি দেখা পাইছে, গছ, ওঁঠ নে শিপা? আপুনি যি দেখিছে সেয়া আপোনাৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰিব।
যদি আপুনি গছ দেখা পাইছে তেন্তে আপুনি এনেকুৱা
Heart.co.ukৰ অনুসৰি, যদি আপুনি এই চিত্ৰত গছ দেখিছে, আপুনি এজন বহিৰ্মুখী ব্যক্তিত্ব (Extrovert personality)। আপুনি মানুহৰ বিষয়ে যথেষ্ট চিন্তা কৰে আৰু বহুসময়ত আপুনি এই কথাটোক লৈ অভাৰ ফকাচ হ’বলৈ ধৰে যে মানুহে আপোনাৰ বিষয়ে কি চিন্তা কৰে। আপোনাৰ স্বভাৱত যথেষ্ট কোমলতা আছে আৰু একে সময়তে আপুনি অতি ৰহস্যময়ো। মানুহৰ বাবে আপোনাক Judge কৰাটো কঠিন হৈ পৰে। ইয়াৰ অৰ্থ হৈছে যে আপুনি আপোনাৰ হৃদয়ৰ কথা লুকুৱাবও জানে, আপোনাৰ বন্ধুবৰ্গৰ পৰিসৰ যথেষ্ট।
যদি আপুনি শিপা দেখিছে তেন্তে আপুনি এনেকুৱা
যদি প্ৰথম দৃষ্টিত আপুনি এই ফটোখনত গছৰ শিপা দেখিছে, তেন্তে আপুনি অন্তৰ্মুখী (Introvert)। আপুনি আপোনাৰ মনৰ কথা মনতে ৰাখি থয়। আপুনি আপোনাৰ নিন্দা কৰা লোকসকলৰ, আলোচনা কৰা সকলৰ কথা মনোযোগেৰে শুনে আৰু তাৰ পিছত তাৰ ওপৰত ইতিবাচকভাৱে কাম কৰে, যাৰ ফলত বাকী লোকসকলো অনুপ্ৰাণিত হয়। আপোনাৰ জেদী স্বভাৱো আছে। যিয়ে আপোনাক প্ৰথমবাৰৰ বাবে লগ পায় তেওঁ আপোনাক এজন সাধাৰণ লোক বুলি ভাৱে, লাহে লাহে তেওঁ আপোনাৰ প্ৰতিভাৰ বিষয়ে জানিবলৈ ধৰে।
যদি আপুনি কাৰোবাৰ ওঁঠ দেখা পাইছে তেন্তে আপুনি এনেকুৱা
যদি আপুনি প্ৰথমবাৰৰ বাবে এই ফটোখনত ওঁঠ দেখা পাইছে তেন্তে আপুনি এজন অতি সৰল ব্যক্তি। আপুনি যথেষ্ট শান্ত হৈ থাকে। আপুনি সদায় প্ৰবাহৰ সৈতে প্ৰবাহিত হোৱা এজন ব্যক্তি। আপুনি যথেষ্ট নমনীয়, বুদ্ধিমান, সৎ। কিছুমান লোকে আপোনাৰ সৰলতাৰ বাবে আপোনাক দুৰ্বল বুলি ভাবে, কিন্তু আপুনি আপোনাৰ সমস্যাবোৰ ভালদৰে সমাধান কৰে।
Photo: Zee news
Discussion about this post