মদাহী বিলাকক ধৰি ধৰি ফাইন লয়, আকৌ মদৰ দাম বৃদ্ধি কৰে। আকৌ চৰকাৰে মদৰ পৰা কিমান ৰাজহ পায় তাক লৈ গৰ্ব কৰে চৰকাৰে। সুৰাৰ দাম বৃদ্ধি হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জাকিৰ হুছেইন শিকদাৰৰ (Jakir Hussain Sikdar Reaction On Liquor Price Hike)।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কয়- ‘মদ খাই গাড়ী চলাই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ মৃত্যুত পিতৃ-মাতৃৰ অৱস্থাত মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে। মোৰ কথাটো মুখ্যমন্ত্ৰীলৈ যদি কোনোবাই মদ খাই মৃত্যুবৰণ কৰে বা মদ খোৱাৰ পিছত যিখিনি ক্ষতি হয় তাৰ দুখ বেদনা যদি বুজি পায় তেন্তে অসমৰ পৰা মদ কিয় বন্ধ নকৰে। সকলোৰে মুল্যবৃদ্ধি কৰাৰ লগতে মদৰো মুল্যবৃদ্ধি কৰিলে। সকলোৰে প্ৰতিবাদ হয় আছে কিন্তু মদ খোৱা মানুহেটো প্ৰতিবাদ নকৰে। মই এতিয়ালৈ মদৰ মুল্যবৃদ্ধিক লৈ প্ৰতিবাদ কৰা দেখা নাই। চৰকাৰে সুযোগ লৈছে কাৰণ জানে তেওঁলোকে মদ খোৱা মানুহে ৰাস্তাত আহি প্ৰতিবাদ কৰিব নোৱাৰে যে মদৰ দাম কমাই দিয়ক বুলি’- অসম সুৰা নিষিদ্ধ কৰাৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰিল কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ (Jakir Hussain Sikdar)।
অসমত মদ আৰু গুটখা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ দাবী জনাই শিকদাৰে কয় যে চৰকাৰে মদাহীক জৰিমণা বিহিছে, আকৌ সুৰাৰ দাম বৃদ্ধিও কৰিছে। মদ খাই গাড়ী চলাই দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) দুখো প্ৰকাশ কৰিছে।
মদ খুৱাই অসমীয়াৰ স্বাস্থ্য বেয়া কৰি সেই মদৰ ৰাজহেৰে চৰকাৰে চাইৰেণ বজাই বজাই ঘূৰি আছে বুলি মন্তব্য কৰি শিকদাৰে লগতে কয় যে মদৰ পৰা যি ৰাজহ চৰকাৰে সংগ্ৰহ কৰিছে, তাৰেই এহাজাৰ টকা অৰুণোদয় আঁচনিৰ ধন বুলি চৰকাৰে প্ৰদান কৰিছে। কিন্তু এই এহাজাৰ টকাৰ ঠাইত মদ খাই নিজৰ ল’ৰাটোৰ বেমাৰত ১০-২০ হাজাৰ টকা ভৰিবলগীয়া হৈছে মাতৃয়ে। বহুতে মদ খাই জীৱনো হেৰুৱাবলগীয়া হৈছে। কেৱল সুৰাৰ দাম বৃদ্ধি কৰিয়েই চৰকাৰে ৰাজ্য চলাব লাগিব বুলি কোনো কথা নাই, উপাৰ্জনৰ অন্য উৎস আমাৰ আছে বুলিও মন্তব্য কৰে শিকদাৰে। মদৰ দোকানত মানুহ বেছি দেখিলে আমাৰ ৰজাঘৰীয়াৰ মনটো ভাল লাগে, কাৰণ চৰকাৰলৈ ধন আহি আছে’- সুৰাৰ দাম বৃদ্ধি হোৱাক লৈ প্ৰতিক্ৰিয়া জাকিৰ হুছেইন শিকদাৰৰ (Jakir Hussain Sikdar)।
Photo: Google
Discussion about this post