মঙলবাৰে পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Hslc And High Madrassa Exam Result)। ফলাফল অনুসৰি এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ। এইবাৰৰ মেট্ৰিক পৰীক্ষাত মুঠ ৪,০৫,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২,২৯,১৩১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত ৬৫,১৭৬ গৰাকী, দ্বিতীয় বিভাগত ৯৯,৮৫৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৬৪,১০১ গৰাকী শিক্ষাৰ্থী।
এইবাৰৰ ফলাফলত ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ বেছি। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৮.৮০ শতাংশ। আনহাতে, ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ। ১,১০,৮৮৮ গৰাকী উত্তীৰ্ণ ছাত্ৰৰ ভিতৰত ৩১,৫৫৯ গৰাকীয়ে প্ৰথম বিভাগত, ৪৭,৮৫৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩১,৪৭৩ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।
ইফালে ১,১৮,২৪৩ গৰাকী উত্তীৰ্ণ ছাত্ৰীৰ ভিতৰত ৩৩,৬১৭ গৰাকীয়ে প্ৰথম বিভাগত, ৫১,৯৯৮ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৩২,৬২৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।
মুঠতে এইবাৰৰ ফলাফলত ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ বেছি।
Photo: Khatang Khobor
Discussion about this post