Assam HSLC Result 2022: বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Result) ফলাফল। মঙলবাৰে পুৱা ১০ বজাৰ লগে লগে অনলাইনযোগে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল। ২০২২ বৰ্ষত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ গৰাকী ছাত্ৰ।
পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়। চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ। এইবাৰৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৪৯ শতাংশ।
ৰাজ্যৰ ভিতৰত ধেমাজিত (Dhemaji) আটাইতকৈ অধিক ৮৫.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়। আনহাতে মাত্ৰ ৩৪.২৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিটিচিৰ চিৰাং (Chirang) জিলাই তালিকাৰ একেবাৰে তলৰ স্থানত থাকে।
ধেমাজিৰ পিছতে ৮১.৩১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও (Dima Hasao) জিলা আৰু ৮১.১৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ (Sivasagar) জিলা ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে।
চিৰাঙৰ লগতে হোজাই (Hojai) জিলাতো মাত্ৰ ৩৭.২৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/high-madrassa-exam-result-top-3-rank-in-assam/9585/
Discussion about this post