অসমবাসীৰ বাবে এক সুখবৰ। লগতে বি.বৰুৱা মহাবিদ্যালয়ৰ এক সন্মানজনক প্ৰাপ্তি। ২০২০-২১বৰ্ষৰ NSSৰ শ্ৰেষ্ঠ প্ৰোগ্ৰেম অফিচাৰ বঁটা লাভ ড০ সত্যব্ৰত বৰুৱাৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ বৰুৱাই NSSৰ শ্ৰেষ্ঠ প্ৰোগ্ৰেম অফিচাৰৰ (Programme Officer) বঁটা লাভ কৰিছে । ২০২০-২১ বৰ্ষৰ প্ৰোগ্ৰেম অফিচাৰ শীতানত নেশ্বনেল চাৰ্ভিছ স্কীম বঁটা লাভ কৰিছে অসমৰ আগশাৰীৰ মহাবিদ্যালয় বি.বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোট (NSS UNIT)ৰ প্ৰোগ্ৰেম অফিচাৰ ড০ সত্যব্ৰত বৰুৱাই।
২০১৪ চনৰে পৰা মহাবিদ্যালয়খনৰ এনএছএছ গোটটোৰ প্ৰোগ্ৰেম অফিচাৰ হিচাপে দায়িত্ব গ্ৰহন কৰি আজিকোপতি বিভিন্ন পৰ্যায়ৰ সামাজিক,সাংস্কৃতিক কাৰ্যত আগভাগ লৈ আহিছে ড০ বৰুৱাই। অহা ২৪ চেপ্তেম্বৰত নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনৰ দৰবাল হলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে প্ৰদান কৰিব এই সন্মান। নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে বি.বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোটটোৰ নেতৃত্ব দি গোটটোক এক সুকীয়া মৰ্যাদা দিয়া ড০ বৰুৱাই ইতিপূৰ্বে ২০১৯ বৰ্ষত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ দ্বাৰা প্ৰদান কৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ শ্ৰেষ্ঠ প্ৰোগ্ৰেম অফিচাৰ বঁটা লাভ কৰাৰ লগতে ২০২০-২১ বৰ্ষতো ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ দ্বাৰা প্ৰদান কৰা ৰাজ্যিক পৰ্যায়ত শ্ৰেষ্ঠ প্ৰোগ্ৰেম অফিচাৰৰ সন্মানো লাভ কৰিছিল।
মহাবিদ্যালয়খনৰ এনএছএছ গোটটোৰ প্ৰোগ্ৰেম অফিচাৰৰ দায়িত্ব লৈ আজিকোপতি সুকলমে পৰিচালনা কৰা ড০ বৰুৱাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত বহুকেইটা সমাজসেৱামূলক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। এইদৰে দীৰ্ঘদিনে মহাবিদ্যালয়খনৰ এনএছএছ ইউনিটটোক নেতৃত্ব দিয়া ড০ সত্যব্ৰত বৰুৱাৰ এই প্ৰাপ্তি নিসন্দেহে এক যোগ্য সন্মান হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে বি.বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ সত্যব্ৰত বৰুৱাই অইন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো সক্ৰিয়ভাৱে অংশগ্ৰহন কৰি আহিছে। তদুপৰি মহাবিদ্যালয়খনত বিভিন্ন ধৰণৰ গঠনমূলক অনুষ্ঠান আয়োজন কৰাতো আগ ভাগ লৈ আহিছে ড০ বৰুৱাই।
Photo: KhatangKhobor
Discussion about this post