স্বাস্থ্য বিভাগত (Health Department) চাকৰি দিয়াৰ নামত মুকলি বেহা পাতিছিল পৰশুৰাম হোটেলৰ তৃতীয় মহলাত। তিনিজনক গ্ৰেপ্তাৰ (Arrest) কৰিছে হাতে-লোটে আৰক্ষীয়ে। ৪০ জনতকৈ অধিক লোকে দিছে ২০ হাজাৰৰ পৰা ১ লাখ টকা। গড়চুক আৰক্ষীয়ে (Gorchuk Police Station) খবৰ পাই অতৰ্কিতে চলাইছিল অভিযান।
যুটীয়া আৰক্ষী সঞ্চালক পাৰ্থ সাৰথি মহন্তও উপস্থিত হয় ঘটনাস্থলীত। ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্ব চলিছিল এই অভিযান। হোটেলৰ স্বত্বাধিকাৰী ৰঞ্জিত দাসো জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে ভুক্তভোগীৰ।
বিগত এসপ্তাহ ধৰি হোটেল খনত চলি আছিল লেন দেন। চাকৰিৰ এডমিড কাৰ্ডে নহয়, পেঞ্চনৰ কাগজলৈ যোগান কৰিছিল ত্ৰৈলৈক্য শইকীয়াই। ত্ৰৈলোক্য শইকীয়া নামৰ উত্তৰ লখিমপুৰৰ প্ৰৱঞ্চকজনে মেলি দিছিল এই ভুৱা চাকৰিৰ বজাৰ। প্ৰায় ১০০ গৰাকী যুৱক-যুৱতীৰ পৰা তিনি লাখ টকা লৈছিল ধন। কোনো চৰকাৰী বিভাগৰ লোক জড়িত নাই এই প্ৰক্ৰিয়াত। আজি গুৱাহাটীৰ প্ৰায় ৪২ জনকৈ প্ৰাৰ্থীক আজি পৰশুৰাম হোটেলত ডকুমেণ্ট ভেৰিফিকেনৰ বাবে আজি মাতিছিল।
সেই অনুসৰি আজি ধন লৈ স্বাস্থ্য বিভাগৰ বিভিন্ন পদত চাকৰিৰ আশাত এই চক্ৰৰ পাল্লাত পৰি আহিছিল। ইতিমধ্যে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ (Arrest) কৰা হৈছে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/viral-fb-post/indecent-dance-at-udalguri-in-assam-watch-video/4758/
Discussion about this post