অশ্লীলতাৰ সীমা চেৰালে যুৱক-যুৱতীয়ে। ওদালগুৰিত (Udalguri) সংঘটিত হৈছে এই ঘটনা। ভিডিঅ’ বা ফটো দেখিলে আপোনাৰো নাক কোচ খাব, চকু তল কৰিব। চিত্ৰহাৰৰ নামত অশ্লীলতা প্ৰদৰ্শন কৰিলে ৰাজহুৱা মঞ্চত। এই অশ্লীল নৃত্যৰ ( Indecent dance ) এই খবৰে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ওদালগুৰি জিলাৰ সাপমাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূটনীদোৱা গাঁৱত চিত্ৰহাৰৰ নামত মুকলি ভাৱে চলি আছে অশ্লীল নৃত্য ( Indecent dance )। ভূটনীদোৱা ইউথ ক্লাবৰ সৌজন্যত চলি আছে এনেধৰণৰ অশ্লীল নৃত্য ( Indecent dance )।
চাওক Video:
জানিব পৰা অনুসৰি, ভূটনীদোৱা ইউথ ক্লাবে ২২ নবেম্বৰত জিলা প্ৰশাসনৰ পৰা যাদু খেল প্ৰদৰ্শনৰ বাবে আবেদন কৰিছিল। কিন্তু আচৰিত ধৰণে যাদু খেলৰ পৰিৱৰ্তে গাওঁ অঞ্চলত এনেদৰেই অশ্লীলতাৰ চৰম সীমা অতিক্ৰম কৰা নৃত্য মুকলিভাৱে প্ৰদৰ্শন কৰিলে। এই ঘটনাৰ খবৰ দিয়া হয় যদিও ৰহস্যজনকভাৱে সাপমাৰী আৰক্ষী (Sapmari Police) তথা জিলা প্ৰশাসন নীৰৱতা অৱলম্বন কৰে।
আনহাতে বিদ্যালয়সমূহত পৰীক্ষা চলি থকা সময়ত এনেবোৰ নৃত্য প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰাক লৈও সচেতন মহল আচৰিত হৈছে। সমান্তৰালকৈ এনেবোৰ অশ্লীল, লজ্জাজনক দৃশ্য চায়ো দল-সংগঠনৰ নীৰৱতা অৱলম্বন কৰাক লৈও প্ৰশ্ন উত্থাপন হৈছে।
Photo & Input: Khatang Khobor
Discussion about this post