শুকুৰবাৰে আবেলি লামডিং সংৰক্ষিত বনাঞ্চল (Lumding Reserve Forest)ৰ মাজৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Accident) সংঘটিত হয়। দুৰ্ঘটনাত জলসিঞ্চন বিভাগৰ অভিযন্তা সহ দুজন নিহত, বাহন কাটিহে উদ্ধাৰ দুয়োগৰাকী নিহত (Death) লোকক। অতি ভয়াৱহ অৱস্থাত উদ্ধাৰ দুয়োগৰাকীৰে মৃতদেহ।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কাৰ্লভাৰ্টৰ ৰেলিঙত তীব্ৰ বেগত খুন্দা মাৰি চূৰ্ণ-বিচূৰ্ণ হয় AS-09-D-6328 নম্বৰৰ এখন ব’লেৰ’ গাড়ী। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত থকা ডিফুৰ জলসিঞ্চন বিভাগ (Irrigation Department)ৰ সহকাৰী অভিযন্তা মংগল সিঙ টকবী আৰু বিভাগটোৰে কৰ্মচাৰী গুলচন টেৰনে থিতাতে মৃত্যুক আঁকোৱালি লয়।
দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ডিফুৰ পৰা লংকা অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। ব’লেৰ’ গাড়ীখনৰ ভিতৰতে বহি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। লামডিং আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনৰ দৰ্জা গেছ কাটাৰেৰে কাটি গাড়ীৰ ভিতৰৰ পৰা মৃতদেহ দুটা উলিয়াব লগা হয় ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখন ডিফুৰ পৰা লংকা অভিমুখে গৈ আছিল।
Photo & Input: মনজ্যোতি মুদৈ
Discussion about this post