পুনৰ মুকেশ আম্বানী (Mukesh Ambani) পৰিয়াললৈ হত্যাৰ ভাবুকি কোনো দুৰ্বৃত্তৰ (Threats To Murder)। মুম্বাইৰ ছাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতালত ফোন কৰি দিয়ে হত্যাৰ ভাবুকি। বৃহস্পতিবাৰে দুপৰীয়া ১২.৫৭ বজাত হাস্পতালখনৰ লেণ্ডলাইন নম্বৰত এটা অজ্ঞাত নম্বৰেৰে ফোনকল কৰিছিল। ফোনযোগে মুকেশ আম্বানী, নীতা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীসহ আন পৰিয়ালৰ সদস্যক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল (Threats To The Family Members Of Reliance Industries Limited chairperson Mukesh Ambani)।
লগতে ৰিলায়েঞ্চ এইচ এন হাস্পতালখনো (HN Reliance Foundation Hospital) উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত মুম্বাইৰ ডিবি মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল। আৰু এই অভিযোগৰ ভিত্তিতে এজন যুৱকক গ্ৰেপ্তাৰ কৰে (Mumbai Police Arrest Man From Bihar For Allegedly Threatening Ambanis)। আৰক্ষীয়ে বিহাৰৰ দৰভংগাৰ (Bihar’s Darbhanga District) মণিগাছি থানা এলেকাৰ ব্ৰহ্মপুৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাকেশ কুমাৰ মিশ্ৰ নামৰ যুৱকজনক। ধৃত যুৱকজনৰ পৰা আম্বানীক ভাবুকি দিয়া মোবাইলটোও উদ্ধাৰ কৰা হৈছে।
ইয়াৰ পূৰ্বেও ১৫ আগষ্টত ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াললৈ হত্যাৰ ভাবুকি আহিছিল। ফোনত ভাবুকি প্ৰদান কৰিছিল দুৰ্বৃত্তই। ইমানেই নহয়, এবাৰ নহয় তিনিবাৰকৈ ভাবুকিভৰা ফোন আহিছিল।
Photo: Google
Discussion about this post