Birthright citizenship order: ‘Terrified’ Indian parents queue for urgent C-sections as Trump’s Feb 19 deadline nears …
আমেৰিকাত জন্মসূত্ৰে নাগৰিকত্ব লাভৰ পূৰ্বৰ নিয়মৰ সমাপ্তি ঘটোৱা হব বুলি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ পিচতে আগতীয়াকৈ সন্তান জন্ম দিবলৈ হেতা-ওপৰা লগাইছে ভাৰতীয় মহিলাসকলে। উল্লেখযোগ্য যে অহা ২০ ফেব্ৰুৱাৰীৰ পিচত আমেৰিকাত জন্মসূত্ৰে নাগৰিকত্বৰ অধিকাৰ খৰ্ব কৰা হব বুলি ডনাল্ড ট্ৰাম্পে যোৱা ২০ জানুৱাৰীত শপতগ্ৰহণৰ দিনা ঘোষণা কৰিছিল। এই ২০ ফেব্ৰুৱাৰীৰ চৰমসীমা অতিক্ৰম কৰাৰ পূৰ্বে আমেৰিকাত থকা ভাৰতীয় মূলৰ মহিলাসকলে ছিজাৰিয়ান পদ্ধতিৰে হলেও আগতীয়াকৈ সন্তান জন্ম দিবলৈ চিকিৎসালয়ত ভিৰ কৰিছে। ১৯ ফেব্ৰুৱাৰীৰ পূৰ্বে সন্তান জন্ম পালে তেওঁলোকে আমেৰিকান নাগৰিকত্ব লাভ কৰিব। কিন্তু ইয়াৰ পিচত জন্মা সন্তানে লাভ নকৰে আমেৰিকাৰ নাগৰিকত্ব। যিহেতু ডনাল্ড ট্ৰাম্পে ২০ ফেব্ৰুৱাৰীৰ পিচত এই নতুন নিয়ম প্ৰৱৰ্তন কৰিব। আমেৰিকাৰ নাগৰিকত্ব লাভৰ বাবে আগ্ৰহী ভাৰতীয় মূলৰ লোকসকলে সেয়েহে এনে তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে।
Discussion about this post