ফুচকা পানীত প্ৰস্ৰাৱ মিহলোৱা পদপথৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ আঠগাঁও কৱৰ স্থানৰ সমীপৰ পদপথত ফুচকা বিক্ৰী কৰা এজন ব্যৱসায়ীক ভৰলুমুখ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে।
ব্যৱসায়ীজনে মাগত প্ৰস্ৰাৱ কৰি সেই প্ৰস্ৰাৱখিনি ফুচকা পানীত মিহলোৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত ব্যৱসায়ীজনৰ এই ঘৃণণীয় কাণ্ড পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। আৰক্ষীৰ তদন্তৰ পিছতে আজি লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
এই জঘণ্য কাণ্ড সংঘটিত কৰা ব্যৱসায়ীজনৰ নাম আক্ৰুল চাহিনী (৬০)। ভূতনাথৰ বাসিন্দা চাহিনী। ৭-৮ দিন পূৰ্বে সংঘটিত এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চাৰিওফালে।
Photo: Khatang Khobor
Discussion about this post