Watch Viral Video: এগৰাকী মহিলাৰ কাণত সোমাই যায় এডাল সাপ (Snake Getting Firmly Stuck Inside Woman Ear) আৰু সাপডাল ওলাই আহিবয়ে নোখোজে মহিলাগৰাকীৰ কাণৰ ভিতৰৰ পৰা। ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Social Media Viral Video)। ভিডিঅ’টোত, চিকিৎসকে ৰোগীৰ কাণৰ পৰা সাপডাল ওলিয়াই আনিবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে। হাতত হাতমোজা পিন্ধি চিকিৎসকে কিছুমান সঁজুলিৰ সহায়ত সাপডাল ওলিয়াই আনিবলৈ চেষ্টা কৰি আছে, কিন্তু বিফল হয়।
ভিডিঅ’টোত দেখা গৈছে যে চিকিৎসকে সাপডাল ওলিয়াবলৈ যথেষ্ট চেষ্টা কৰে। ইয়াৰ বাবে তেওঁ প্ৰায় বিভিন্নধৰণৰ কৌশল গ্ৰহণ কৰে। কিন্তু, সাপডাল মহিলাগৰাকীৰ কাণৰ পৰা ওলাই অহাৰ নামে নলয়। ভয় এই কথাটোক লৈও থাকে যে সাপডাল যাতে সম্পূৰ্ণৰূপে কাণৰ ভিতৰলৈ সোমাই নাযায়।
ঘটনাটো কেতিয়া সংঘটিত হৈছিল আৰু ক’ত সংঘটিত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
Watch Viral Video:
অৱশ্যে, ভিডিঅ’টোৰ পৰা এইটো স্পষ্ট হোৱা নাই যে সাপডাল মহিলাগৰাকীৰ কাণৰ পৰা ওলাই আহিল নে নাই। চন্দন সিং নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো পোষ্ট (Facebook User Share Video) কৰিছে।
সম্পূৰ্ণ ভিডিঅ’ শ্বেয়াৰ কৰাৰ দাবী
এই ভিডিঅ’ত ব্যৱহাৰকাৰীসকলে যথেষ্ট কমেণ্ট কৰিছে। কিছুমান লোকে ফেচবুক ব্যৱহাৰকাৰীজনক গোটেই ভিডিঅ’টো শ্বেয়াৰ কৰিবলৈ দাবী জনায়। একে সময়তে বিভিন্নজনে এই কথাটো ভাবি আচৰিত হৈছে যে কেনেকৈ সাপডাল কাণৰ ভিতৰত সোমাল। কিছুমান ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টোত বিশ্বাসে কৰিব পৰা নাই। মানুহে ইয়াক এটা ভুৱা ভিডিঅ’ বুলিও অভিহিত কৰিছে। তেওঁলোকে কয় যে ভিডিঅ’টো লাইক পাবলৈ পোষ্ট কৰা হৈছে।
Photo: Facebook
Discussion about this post