মোবাইলে হৈ পৰিল কাল! মোবাইলত কথা পাতি থকাই কাল হৈ নামিল, ৰে’লে কাটি দুটুকুৰা কৰিলে যুৱকক (Youth Has Been Cut BY Train)। চিৰাঙৰ (Chirang) বাসুগাঁও ৰে’লষ্টেচন (Basugaon Rail Station) সমীপৰ সুভাষনগৰৰ ৰে’লপথত এজন অচিনাক্ত যুৱকৰ মৃতদেহ (Youth Deadbody Recover) উদ্ধাৰ হয়।
২৩ মে’ৰ পুৱা প্ৰায় ৬:৩০ মান বজাত নামনিমুৱা মালবাহী ৰে’লৰ খুন্দাত অচিনাক্ত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি যুৱকজন পিন্ধণত নীলা ৰঙৰ জীঞ্চ পেণ্ট , বগা ৰঙৰ গেঞ্জী আৰু কলা ৰঙৰ ছাৰ্ট কঁকালত বান্ধি যুৱকজনে মোৱাইল ফোনত কাৰোবাৰ সৈতে কথা পাতি পাতি ৰে’লপথৰ মাজেদি গৈ আছিল। সেই সময়তে মালবাহী ৰে’লে মহটিয়াই নিয়াত থিতাতে যুৱকজনে কৰুণ মৃত্যুক সাৱটে।
ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বেই মালবাহী ৰে’লখনে সংকেত ধ্বনি দিয়াৰ পিছতো কিন্তু যুৱকজনে ৰে’লপথৰ পৰা আঁতৰি যোৱা নাছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। সেই হিচাপচ এয়া আত্মহত্যা নে মোবাইল ফোনত ব্যস্ত থকাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
Photo: Time8
Discussion about this post