অব্যাহত আছে আলফা স্বাধীনলৈ (Ulfa-I) অসমীয়া যুৱক-যুৱতীৰ আগমন। এজনৰ পিছত সিজন গৈয়ে আছে আলফা(স্বাধীন)ত। পুনৰ আলফা(স্বাঃ)লৈ গ’ল দুই অসমীয়া যুৱক (2 Assamese Youth Join Ulfa-I)। শিৱসাগৰৰ পংকজ মেচ আৰু নাহৰকটীয়া টিপলিঙৰ পংকজ গগৈৰ আলফা(স্বাঃ)ত যোগদান। ১৮ এপ্ৰিলৰ নিশা আলফাৰ ম্যানমাৰস্থিত শিবিৰত উপস্থিত হয় দুয়োজন যুৱক। আইচেং অসমৰ নেতৃত্বত দুয়োজন যুৱক আলফা স্বাধীনত (Ulfa-I) যোগদান কৰিছে বুলি জানিব পৰা গৈছে।
আনহাতে পুত্ৰই আলফালৈ বুলি যোৱা শুনি মাতৃৰ ক্ষোভ প্ৰকাশ। ক্ষোভতে মাতৃৰ আহ্বান ‘পৰেশ বৰুৱাই যদি ঘূৰাই নপঠাই তেন্তে মাৰি পেলাওক তাক।’
মাতৃয়ে কয়, ইমান সৰু সৰু লৰা কেনেকৈ আলফাত যোগদান কৰিব পাৰে বুলি মাতৃৰ মন্তব্য। ৪ এপ্ৰিল তাৰিখে কেৰালালৈ যাও বুলি ওলাই গৈছিল পংকজ গগৈ।
৬ এপ্ৰিলত আনকি পত্নীৰ সৈতেও কথা বতৰা হৈছিল পংকজ গগৈৰ। পাছে সেই দিনটোৰ পাছৰে পৰা কোনো খবৰ নাছিল গগৈৰ।
Photo: News8 Northeast
Discussion about this post