গহপুৰত নিশা এক শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত ভৃগু কুমাৰ বৰা(২৩) নামৰ এজন যুৱকৰ।
মঙলবাৰে নিশা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত AS O7 J 1915 নম্বৰৰ এখন বাইকেৰে নিজ গৃহ ককিলা নাহৰনি অভিমুখে আহি থকা অৱস্থাত এখন অচিনাক্ত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা ভৃগু কুমাৰ বৰাই চিকিৎসালয়লৈ নিয়াৰ পথতে কৰুণ মৃত্যুক সাৱটে।
পৰৱৰ্তী সময়ত অঞ্চলটোৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা ই, চি, আই, কোম্পানীয়ে চাৰিলেনযুক্ত পথত কোনো চিগনেলৰ ব্যৱস্থা নকৰাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।
উল্লেখ্য নিহত ভৃগু কুমাৰ বৰা এজন সুদক্ষ ঢোল বাদক হোৱাৰ লগতে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী সদস্য আছিল।
Photo: Khatang Khobor
Discussion about this post