পুনৰ মহানগৰীৰ (Guwahati) ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ (Horrific Road Accident) সংঘটিত হৈছে। সন্ধিয়াৰ সময়ত হোৱা সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু উৰ্মিলা দেৱী নামৰ শিক্ষয়িত্ৰীগৰাকীৰ (Teacher Died)। গড়চুকৰ আৰু বৰগাঁও মাজত সংঘটিত হয় এই দুৰ্ঘটনা। ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াই স্কুটীক (Scooty And Truck Colided)।
নিহত শিক্ষয়িত্ৰীগৰাকীৰ স্বামী গিৰিশ চন্দ্ৰ শৰ্মাক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে। মৃত্যু হোৱা শিক্ষয়িত্ৰীগৰাকী বেলতলা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষয়িত্ৰী আছিল। স্কুটীৰে স্বামীৰে সৈতে বজাৰ কৰিবলৈ গৈ থকা অৱস্থাত ট্ৰাকখনে মহটিয়াই নিয়ে। যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই পত্নীয়ে।
আৰক্ষীয়ে এখন ট্ৰাক জব্দ কৰিছে যদিও সেই ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰিছে নে নাই সেয়া নিশ্চিত নহয়।
Photo & Input: Ramesh Baishya
Discussion about this post