মঙলবাৰে সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় বকোৰ বোন্দাপাৰা তিনিআলিৰ সমীপৰ NH 17ত। এখন মাৰুতি ছুইফ্ট ডিজায়াৰ আৰু চেভ্ৰলেট বিটৰ মাজত সংঘটিত এই দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত চেভ্ৰলেট বিটখন গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী আছিল। আৰু সেই সময়তে ছুইফ্ট ডিজায়াৰক খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতে চেভ্ৰলেট বিটখনে পুনৰ পথৰ কাষৰ গছত খুন্দা মাৰে, আনহাতে মাৰুতি ছুইফ্ট ডিজায়াৰখন পথৰ কাষৰ খাৱৈত পৰি যায়।
দুৰ্ঘটনাটোত ছুইফ্ট ডিজায়াৰখনৰ চালকে প্ৰাণ হেৰুৱায়। মৃত চালকজনৰ নাম নৃপেন টাছা(৩২)। সেই একেখন বাহনৰে যাত্ৰী ৩জন গুৰুতৰভাৱে আহত হয়। আহত মল্লিকা হাজং(৫২), মহেশ হাজং(২৪) আৰু সুমন হাজং(১৭)ক আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।
Photo: KhatangKhobor
Discussion about this post