এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে গোৱালপাৰাত (Goalpara)। স্কুল ছুটিৰ পিছত ঘৰলৈ আহি থাকোতেই দ’ পুখুৰীত পৰি সলিলসমাধি ঘটিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ (Student Drown Into Pond)। ঘটনাটোৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ।
জানিবলৈ দিয়া অনুসৰি, গোৱালপাৰাৰ নগৰবেৰাৰ নগৰবেৰা আদৰ্শ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা শিমলীতোলা গাঁৱৰ দীপক দাসৰ পুত্ৰ ১৫ বছৰীয়া ৰোহিত দাসে (Rohit Das) শুকুৰবাৰে আবেলি বিদ্যালয় ছুটিৰ পিছত চাইকেল চলাই ঘৰলৈ গৈ আছিল।
বৰষুণৰ মাজতে ৰোহিতে ঘৰলৈ গৈ থকা সময়ত পথৰ বোকা চিটিকি গাত পৰে। তাৰ পিছত ৰোহিতে কাপোৰত লগা বোকাখিনি ধুবলৈ পথৰ কাষৰ এটা দ পুখুৰীত নামে। সেই সময়ত ৰোহিতৰ সহপাঠীক পানীৰ তলত ডুব মাৰি কিমান সময় থাকিব পাৰে সেয়া দেখুৱাবলৈ পুখুৰীত ডুব মাৰে। কিন্তু ছাত্ৰজন বহু সময় ধৰি পাৰলৈ উঠি নহাত হাহাকাৰ লাগে সহপাঠীসকলৰ মাজত।
পাৰত থকা ছাত্ৰ কেইজনৰ চিঞৰ বাখৰত ঘটনাস্থলীত স্থানীয় লোক কেইজনমান উপস্থিত হৈ পুখুৰীৰ পৰা ৰোহিতৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল।
Photo: News8 Northeast
Discussion about this post