খুবেই কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে গোলাঘাটত (Golaghat)। গৰমৰ বন্ধত বৰদেউতাকৰ ঘৰলৈ ফুৰিবলৈ যোৱাই যেন কাল হৈ পৰিল দুই কণমানিৰ বাবে। পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটিলে ২ বাই-ভনীয়ে (2 Sisters Drowned Into Pond)।
স্কুলত গৰম বন্ধ চলি থকাৰ বাবে বৰদেউতাকৰ ঘৰলৈ ফুৰিবলৈ বুলি গৈছিল দুই কণমানি। কিন্তু দুৰ্ঘটনা বশতঃ দুয়ো বাই-ভনীয়ে একেলগে মৃত্যুক সাৱটি লয়।
গোলাঘাট জিলাৰ জামুগুৰি ২নং বৰজান গাঁৱত (Barjan Village) একেটা পৰিয়ালৰে দুটি কণমানি শিশুৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। ২নং বৰজান গাঁৱৰ নিবাসী লক্ষেশ্বৰ ভূঞা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। কালিৰে পৰা সন্ধাহীন হৈ আছিল দুয়োগৰাকী বাই-ভনী।
গোলাঘাট গৰংগাৰ পৰা বৰদেউতাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ১২ বছৰীয়া কুসুম আৰু ৮ বছৰীয়া অমৃতা নামৰ দুই কণমানি। আজি পুখুৰীত উদ্ধাৰ হয় দুয়োগৰাকী কণমানিৰে মৃতদেহ।
Photo & Input: Khatang Khobor
Discussion about this post