গোলাঘাটৰ (Golaghat) ঢেকীয়াল তিনিআলিত ভয়ংকৰ দুৰ্ঘটনা (Road Accident)। বিয়াৰ পৰা ঘূৰি অহাৰ পথত দুৰ্ঘটনাত পতিত মহিন্দ্ৰা মাৰাজো। তীব্ৰবেগী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এজোপা গছত।
থিতাতে নিহত (Death) এগৰাকী পুৰোহিতসহ দুজন লোক। নিহত পুৰোহিত গৰাকীৰ নাম বিপুল শৰ্মা আৰু আনজন লোকৰ নাম মহেন্দ্ৰ কলিতা।
আহত ৩ গৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আহতসকল ক্ৰমে অভিজিত সাহা,মুনিন্দ্ৰ দাস আৰু দিগন্ত জ্যোতি বৰুৱা।
Photo & Input: মালবিকা বৰা
আৰু পঢ়কঃ https://khatangkhobor.com/news/fire-at-barpeta-4-shops-guts-in-fire-in-assam/4566/
Discussion about this post