যিমানে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে সিমানে ৰাজ্যত চলি আছে ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা। বিগত সময়ত ঘোচ (Arrest While Taking Bribe) লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া তথা কৰ্মচাৰী।
শেহতীয়াকৈ ঘোচ লৈ বুধবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া। ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰীক গ্ৰেপ্তাৰ কৰে (BEEO OF Rani) দুৰ্নীতি নিবাৰক শাখাই। LPC আৰু ছাৰ্ভিচ বুক নিৰীক্ষণৰ নামত ধনদাবী কৰিছিল লাচিত বসুমতাৰীয়ে (Lachit Basumatary)। নগদ ৪ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ (Directorate Of Vigilance & Anti-Corruption) জালত পৰে বিষয়াগৰাকী।
কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ৰাণীৰ BEEO শ্ৰী লাচিত বসুমতৰীয়ে চাৰ্ভিচ বুক উন্নীত কৰণ আৰু LPC প্ৰদানৰ বাবদ ঘোঁচ দাবী কৰি ধন লওঁতে আজি @DIR_VAC_ASSAM ৰ দলে হাতে-লোঁতে ধৰে।। @AssamPolice @CMOfficeAssam pic.twitter.com/MaxDt6isnc
— GP Singh (@gpsinghips) August 17, 2022
INR 1 Lac has been recovered from his Bolero vehicle parked outside the office. House search is also being carried out. pic.twitter.com/nbewZBpRxd
— GP Singh (@gpsinghips) August 17, 2022
লগতে শিক্ষা বিষয়া লাচিত বসুমতাৰীৰ বলেৰ’ বাহনৰ পৰা ভিজিলেঞ্চে জব্দ কৰে নগদ ১ লাখ টকা। কাৰ্যালয়ৰ বাহিৰত ৰখাই থোৱা তেওঁৰ বলেৰ’ বাহনৰ পৰা ১ লাখ টকা উদ্ধাৰ (1 Lac Has Been Recovered From His Bolero Vehicle) কৰাৰ লগতে বিষয়াগৰাকী বাসগৃহতো সন্ধান চলি আছে বুলি জানিব পৰা গৈছে। চৰকাৰী কাম কৰাৰ বাবদ ঘোচ বিচাৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনক।
লাচিত বসুমতাৰী হৈছে ঘোচ লৈ এমাহতে গ্ৰেপ্তাৰ হোৱা একাদশজন চৰকাৰী কৰ্মচাৰী।
Photo: GP Singh
Discussion about this post