একমাত্ৰ দৰিদ্ৰ কৃষকৰ বাবে ৰূপায়ন কৰা এটি বিশেষ আচঁনি। নাম-প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আচঁনি চমুকৈ” পি এম কিষান “। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত অথাৎ ২০১৮ চনত বলবৎ হোৱা এই আচঁনিখন ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে।
অসমত এই আচঁনিত নাম অন্তৰ্ভুক্ত হৈছিল ২৭,০৯,৯৮৫ গৰাকী কৃষকৰ। সেই অনুসৰি প্ৰতিগৰাকী কৃষক পৰিয়ালে প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ অথাৎ বছৰি ৬০০০ টকাকৈ লাভ কৰিলে প্ৰতিগৰাকী কৃষকে। সেই হিচাপত আজিপৰ্যন্ত এজন এজন কৃষকে লাভ কৰিৰে ৮ৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত। সেয়া সকলো ঠিকেই আছিল। কিন্তু এই আচঁনিৰ নামত সমগ্ৰ ৰাজ্যজুৰি সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। তাতোকৈ ডাঙৰ কথটো হ’ল, এই আচঁনিৰ নামত সমগ্র ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হোৱা এখন পঞ্চায়ত ।
এক কোটি, দুই কোটি নহয়, নগাঁও জিলাৰ ধিঙৰ লহকৰ ঘাট গাওঁপঞ্চায়তত পি এম কিষান আচঁনিৰ নামত সংঘটিত প্ৰায় ২০ কোটি টকাৰ ভয়ানক কেলেংকাৰীৰ তথ্য ফাদিল হৈছে। তথ্য আৰু অভিযোগ অনুসৰি, তিনিশ দৰিদ্ৰ কৃষক নথকা লহকৰ ঘাট গাঁও পঞ্চায়তৰ পৰা আচৰিত ভাৱে পি এম কিষান আচঁনিৰ বাবে বাচনি হৈছিল মুঠ ২৮০০ দৰিদ্ৰ কৃষক।
আৰু এই ২৮০০ কৃষকে প্ৰায় দুটা বছৰে লাভ কৰি আহিছিল এই আচঁনিৰ ধন। কিন্তু হঠাৎ চৰকাৰৰ ফালৰ পৰা আহিল এইসকল কৃষকক চিনাক্তকৰণৰ নিৰ্দেশ। আৰু তাৰ পিছতেই পোহৰলৈ আহিল এই ভয়ানক কেলেংকাৰীৰ তথ্য।
পিছে এই কেলেংকাৰীৰ আঁৰত আছে কোন কোন ? কোনে আত্মসাৎ কৰিলে কৃষকৰ নামত কোটি কোটি টকা? সেয়া বৰ্তমানেও সন্দেহৰ আৱৰ্তত যদিও বিষয়টো কিন্তু জলজল-পটপট। কাৰণ সেই সময়ত সৰু সৰু দালালৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ একাংশ বিয়াগোম বিষয়াৰ চত্ৰছায়াতে বাচনি হৈছিল হাজাৰ হাজাৰ ভূৱা কৃষকৰ নাম।
আৰু এইসমূহ ভূৱা কৃষকৰ নামত সম্পূৰ্ণ জালিয়াতিৰে ভুৱা বেংক একাউন্ট তৈয়াৰী হৈছিল ধিং এছ বি আই শাখা আৰু ধিং গ্ৰামীণ বিকাশ বেংকৰ অধীনষ্ঠ সেই অঞ্চলৰে কেইখনমান গ্ৰাহক সেৱা কেন্দ্ৰত। আৰু সেইসমূহ ভুৱা বেংক পাচবুকৰ জৰিয়তে একমাত্ৰ লহকৰ ঘাট গাঁও পঞ্চায়ততে সংঘটিত কৰিলে ২০ কোটি টকাৰ কেলেংকাৰী।
ৰাইজৰ দাবী, এই কেলেংকাৰীত জড়িত দালাল চক্ৰ, চৰকাৰী বিষয়া আৰু বেংক চি এছ পিৰ স্বত্বাধিকাৰী সকলক অতি শ্ৰীঘ্ৰেই তদন্ত ক্ৰমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰে যাতে।
Photo & Input: Saidul Islam
Discussion about this post