মৃত্যুৰ কিৰিলি মণিপুৰত (Manipur)। নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত (Tupul Yard Railway Construction Site) বুধবাৰে নিশা সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনক (Massive Landslide) মণিপুৰৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ঘটনা (Worst Incident In History Of State) বুলি অভিহিত কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (Chief Minister N. Biren Singh)।
সংবাদ সংস্থা ANIৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘এয়া ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ঘটনা (Horrific Incident)। আমি ৮১ গৰাকী লোকৰ প্ৰাণ হেৰুৱাইছো (81 Person Died)। ইয়াৰে ১৮ জন টেৰিটৰিয়েল আৰ্মী জোৱান। বৰ্তমানেও ৫৫ গৰাকী লোক আৱদ্ধ হৈ আছে। আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰিবলৈ ২-৩ দিন লাগিব।’
শুকুৰবাৰেও মণিপুৰৰ (Manipur) টুপুলত (Tupul) ভূমিস্খলন ঘটনাস্থলীৰ পৰা উদ্ধাৰ অভিযানত ৮ গৰাকী সেনা জোৱান আৰু চাৰিগৰাকী সাধাৰণ নাগৰিককে ধৰি আৰু ১২ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
ইফালে মণিপুৰৰ ভূমিস্খলনৰ ঘটনাই প্ৰভাৱ পেলাইছে অসমতো (Assam)। মণিপুৰ নোনে জিলাৰ (Noney District) ভূমিস্খলনত (Landslide) মৰিগাঁও জিলাৰ এতিয়ালৈকে ছয় গৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। ইয়াৰে লাহৰীঘাট সমষ্টিৰ ৫ গৰাকী শ্ৰমিক গোপাল ফুকন, পল্লৱ লৰম, দিপাংকৰ বৰদলৈ, আকাশ লৰম, হৰমোহন ডেকা আৰু মৰিগাঁৱৰ ভৰালটুপৰ উপেন্দ্ৰ কোঁৱৰৰ ভূমিস্খলনত মৃত্যু হোৱাৰ খবৰ জানিব পৰা গৈছে।
লাহৰীঘাটৰ খুৰা গোহাঁইবড়ী গাঁৱৰ মৃত শ্ৰমিকসকলৰ পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটা পৰিলক্ষিত হৈছে। চিকিৎসকে প্ৰতিটো পৰিয়ালৰ সদস্যক চিকিৎসা প্ৰদান কৰা কৰে। আনহাতে বৰ্তমানো অসমৰ বহুকেইজন শ্ৰমিক নিৰুদ্দেশ হৈ আছে। তাৰে মৰিগাঁও জিলাৰ (Morigaon) লাহৰীঘাটৰ (Laharighat) ১৩ গৰাকী এতিয়াও সন্ধানহীন (13 Person Missing) হৈ থকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য বুধবাৰে নিশা জিৰিবামৰ পৰা ইম্ফললৈ নির্মাণধীন ৰে’লপথৰ সুৰক্ষাৰ বাবে টুপুল ৰে’লৱে ষ্টেচনৰ ওচৰত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মীৰ কোম্পানীৰ সমীপত সংঘটিত হৈছিল এই ভূমিস্খলনৰ ঘটনা ৷
উত্তৰ-পূব সীমান্ত ৰে’লৱে চিপিআৰঅ’ই জনোৱা মতে, নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত চলি থকা জিৰিবাম-ইম্ফল নতুন লাইন প্ৰকল্পৰ টুপুল ষ্টেচন ভৱনটোৰো ক্ষতিসাধন হৈছে।
কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ অভিযান চলাবলৈ এনডিআৰএফ (NDRF) আৰু সেনা জোৱানকো প্ৰেৰণ কৰিছে। কিন্তু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযান চলোৱাত পলম হৈছে।
Photo & Input: ছাদ্দাম হুছেইন
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/sad-news-assamese-actor-kishor-das-passes-away/10163/
Discussion about this post