খ্ৰীষ্টমাছৰ পূৰ্বে ২৪ ডিচেম্বৰ আৰু খ্ৰীষ্টমাছৰ দিনটোত (২৫ ডিচেম্বৰ) আৰু নৱবৰ্ষৰ ১ জানুৱাৰীত ড্ৰাই ডে’ৰ ঘোষণা কৰিছে চৰকাৰে। এই ঘোষণা কৰিছে মেঘালয় চৰকাৰে।
আগন্তুক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি পূব খাচি পাহাৰীয়া জিলাত ড্ৰাই ডে’(Dry Day) ঘোষণা কৰিছে মেঘালয় চৰকাৰে । পূব খাচি পাহাৰীয়া জিলাৰ উপায়ুক্ত (আবকাৰী) মিছ ইছৱাণ্ডা লালোৱে (Miss Isawanda Laloo) এক জাননীযোগে এই ড্ৰাই ডে’ (Dry Day) ঘোষণা কৰে।
মেঘালয়ৰ (Meghalaya) আবকাৰী আইন (Excise Law) অনুসৰি খ্ৰীষ্টমাছ (Christmas) আৰু নৱবৰ্ষৰ (New Year) সময়ত এই ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। ফলত পূব খাচি পাহাৰীয়া জিলাত ২৪ ডিচেম্বৰ, ২৫ ডিচেম্বৰ আৰু ২০২২ চনৰ ১ জানুৱাৰীত সকলো সুৰাৰ বিপনীসমূহ বন্ধ থাকিব।
Photo: Google
Discussion about this post