ক্ৰিকেট খেলপথাৰত খেল চাবলৈ যোৱা দৰ্শকে হওক বা মেলা চাবলৈ যোৱা যুৱক…বৰ্তমান দিনত এই সকলোবোৰত এটা কথা সাধাৰণ যে তেওঁলোকে প্লাষ্টিকৰ পেঁপা বজাই যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰে। হয় এই যুৱকসকলে কোনো কাৰণ নোহোৱাকৈয়ে পো-পোৰ শব্দ কৰি সাধাৰণ লোকৰ কানৰ বিষৰ সৃষ্টি কৰে। বৰ্তমান দিনত দশেৰা আৰু নৱৰাত্ৰি উপলক্ষে বহু ঠাইত মেলা অনুষ্ঠিত হৈছিল আৰু তাতেও শব্দ প্ৰদূষণকাৰীৰ যথেষ্ট ভিৰ হৈছিল। এনে পৰিস্থিতিত, জবলপুৰ জিলাৰ (Jabalpur) গড়া আৰক্ষী থানা এলেকাত আৰক্ষীয়ে কেইজনমান যুৱকক পেঁপাৰ শব্দেৰে ৰাস্তাৰে গৈ থকা লোকসকলক অশান্তি দি থকা দেখাত তেওঁলোকে যুৱককেইজনক দিলে উচিত শাস্তি (Police Punishing), যিটো ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ আছে (Youth Making Noise With Hooter Social Media Viral Video)। জানিবলৈ দিয়া অনুসৰি যুৱককেইজনে বাইকেৰে ঘূৰি থকা লোকসকলৰ ওচৰলৈ গৈ দ্ৰুত শব্দেৰে পেঁপা বজাই আছিল।
ৰিপৰ্ট অনুসৰি, ৪ অক্টোবৰত গঢ়া থানাৰ আৰক্ষীয়ে (Bihar Police) এক অভিযান চলাই এনে উদণ্ড যুৱকক শাস্তি দিবলৈ উঠি-পৰি লাগে, যিয়ে মেলাৰ পৰা পেঁপা ক্ৰয় কৰি ৰাস্তাৰে গৈ থকা লোকসকলক পেঁপা বজাই হুলস্থুল কৰি অশান্তি দিয়ে। আৰক্ষীয়ে এনে বহু কেইজন যুৱকক ধৰে, আৰু তেওঁলোকৰ পেঁপা লৈ সিঁহতৰে কানত বজায়। আনহাতে কিছুমান ঠাইত ধৰা পেলোৱা যুৱকৰ মাজতে এজনে আনজনৰ কানত পেঁপা বজাবলৈ বাধ্য কৰোৱায়। তাৰ পিছত উঠা-বহা কৰোৱায় আৰু ক্ষমা খোজাৰ পিছত কেতিয়াও যাতে এনে ভুল নকৰে সেয়া বুজাই যাবলৈ দিয়ে।
এই ভিডিঅ’টো ছচিয়েল মিডিয়াত (Social Media Viral Video) পৃথক-পৃথক প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে। টুইটাৰত এই ভিডিঅ’টো @BiharTeacherCan য়ে শ্বেয়াৰ কৰি লিখিছে- আৰু পেঁপা বজা। ইফালে বিভিন্নজনে এই ভিডিঅ’টোত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে লিখিছে এয়া বিহাৰ আৰক্ষী হয় সকলো বেমাৰৰে এওঁলোকৰ তাত ঔষধ আছে। আন এজন ব্য়ৱহাৰকাৰীয়ে লিখিছে- মজা লাগিল। বিভিন্নজনে আৰক্ষীক এনে যুৱকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ কৰাৰো আহ্বান জনাইছে। পিছে আপুনি কি ক’ব এয়া উচিত নে অনুচিত?
ইয়াত চাওক ভাইৰেল ভিডিঅ’ (Viral Video)-
और बजाओ भोंपू 🤪 pic.twitter.com/SDfJyRCBcP
— Educators of Bihar (@BiharTeacherCan) October 6, 2022
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/mla-sherman-ali-ahmed-facebook-post/12123/
Discussion about this post