ছচিয়েল মিডিয়াৰ পৃথিৱীত ইনষ্টাগ্ৰাম ৰিলছৰ (Instagram Reels) প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ‘টিকটক’ (TikTok)ৰ দৰে এই প্লেটফৰ্মতো মানুহে চিনেমাৰ গান আৰু সংগীতৰ সৈতে কেইটামান ছেকেণ্ডৰ ভিডিঅ’ বনায়। এই ক্লিপবোৰত আপোনালোকে সুন্দৰ সুন্দৰ স্থান অন্বেষণ কৰে, বিশেষ মুহূৰ্তবিলাক শ্বেয়াৰ কৰে আৰু লগতে আশ্চৰ্যজনক কাৰ্যকলাপো দেখা পায়। আনকি কিছুমান মানুহে লাইক আৰু ভিউছৰ বাবে নিজৰ জীৱনো বিপদত পেলায়। হয়, শেহতীয়া ভিডিঅ’টো ইয়াৰ এক উদাহৰণ (Social Media Viral Video)। তেলেংগানাত (Telangana) এজন যুৱকে ৰে’ললাইনত ইনষ্টাগ্ৰাম ৰিলৰ শ্বুট কৰি আছিল। কিন্তু হঠাতে সকলো সলনি হৈ যায়। এই ঘটনাটো সেইসকল যুৱক-যুৱতীৰ বাবে এটা শিক্ষা যিয়ে ভিউজ আৰু লাইকৰ বাবে নিজৰ জীৱনৰ সৈতে ল’ৰা ধেমালি কৰে!
ৰিপৰ্ট অনুসৰি, ঘটনাটো ৪ ছেপ্টেম্বৰত তেলেংগানাৰ (Telangana) কাজিপেটত (Kazipet) সংঘটিত হৈছিল। তাত দ্ৰুতগতিত আহি থকা ৰে’লক বেকগ্ৰাউণ্ডত ৰাখি এজন যুৱকে ইনষ্টাগ্ৰাম ৰিল (Instagram Reels) বনাই আছিল। কিন্তু তেতিয়াই ৰে’লখনে যুৱকজনক খুন্দা মাৰে (Youth Hit By Train) আৰু বতাহত উৰি যায় ৰে’লৱে ট্ৰেকত বাগৰি পৰে। ঘটনাটোত যুৱকজন গুৰুতৰভাৱে আহত হৈছিল। এই গোটেই ঘটনাটো কেমেৰাত বন্দী হৈছিল, যাৰ ভিডিঅ’টো ইণ্টাৰনেটত যথেষ্ট শ্বেয়াৰ কৰা হৈছে (Social Media Viral Video)। কোৱা হৈছিল যে ভিডিঅ’টো যুৱকজনৰ বন্ধুৱে বনাই আছিল।
హన్మకొండ: యువకుడి ప్రాణాల మీదకు తెచ్చిన ఇన్స్టా రీల్స్ క్రేజ్.. ఖాజీపేట్లో రైలు పక్కన ఫీట్ చేసిన వడ్డేపల్లికి చెందిన యువకుడు.. రైలు వేగం ధాటికి ఒక్క ఉదుటున కిందపడటంతో తప్పిన ప్రాణముప్పు pic.twitter.com/D7GQqVi5FL
— NTV Breaking News (@NTVJustIn) September 4, 2022
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে যুৱকজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকসকলৰ মতে যুৱকজনৰ অৱস্থা এতিয়াও সংকটজনক। চিকিৎসা অব্যাহত আছে। যুৱকজনৰ পৰিচয় ১৭ বছৰীয়া অক্ষয় ৰাজ বুলি চিনাক্ত কৰা হৈছে। যুৱকজন বাডেপল্লীৰ এখন মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। কোৱা হৈছিল যে অক্ষয়ে তেওঁৰ বন্ধুৰ সৈতে ৰে’লপথৰ ওচৰত ‘ইনষ্টাগ্ৰাম ৰিল’ বনাবলৈ গৈছিল।
Photo: Twitter
Discussion about this post