উত্তৰ প্ৰদেশৰ (Uttar Pradesh) কাচগঞ্জ জিলাৰ (Kasganj District) বদায়ু-মেনপুৰী ঘাইপথত এখন টেম্প’ আৰু এখন বলেৰ’ গাড়ীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় (Bolero And Tempo Collision)। এই সংঘৰ্ষত দুটি কণমানি শিশুসহ আঠগৰাকী লোকে প্ৰাণ হেৰুৱাই (8 Spot Died)। দুৰ্ঘটনাটোত ১১ গৰাকী লোক আহত (11 Person Injured) হৈছে। আহতসকলক জিলা চিকিৎসালয়ত চিকিৎসা কৰা হৈ আছে। ঘটনাটো পাতিয়ালী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ঘাইপথৰ অশোকপুৰ গাঁৱৰ ওচৰত সংঘটিত হৈছিল। খবৰ অনুসৰি ফাৰুখাবাদৰ থানা কমলগঞ্জ অঞ্চলৰ নছৰতপুৰ গাঁৱৰ পৰা ভোলে বাবাৰ সৎসঙ্গত উপস্থিত থাকিবলৈ বাহাদুৰ নগৰ গাঁৱলৈ গৈ আছিল। ইয়াৰ মাজতে, দৰ্শন কৰি বাহাদুৰ নগৰৰ পৰা উভতি অহা টেম্প’ আৰু বলেৰ’ৰ মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত টেম্প’খন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।
দুৰ্ঘটনাটোত ২টি কণমানি শিশু, ৫ গৰাকী মহিলা আৰু এজন লোকে প্ৰাণ হেৰুৱায়। ১১ গৰাকী লোক আহত হয়, ইয়াৰে ২ গৰাকী লোকৰ অৱস্থা সংকটজনক, যাক উন্নত চিকিৎসাৰ বাবে আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। টেম্পো আৰোহীসকল চিলোলিৰ বুলি কোৱা হৈছে আৰু বলেৰ’ গাড়ীখনৰ আৰোহী নছৰতপুৰ ফাৰুখাবাদৰ (Farukhabad) বুলি কোৱা হৈছে।
টেম্প’-বলেৰ’ৰ মাজত সংঘটিত দুৰ্ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছত, ডিএম, এছপি আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।
Photo: Google
Discussion about this post