মৃত্যু কাৰ, কেতিয়া, কেনেকৈ হয় কোনোৱে নাজানে। নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ৰীমাই। নৱেম্বৰত বিয়া ঠিক হৈছিল পশ্চিমবংগৰ হাওৰাৰ উদয়নাৰায়ণপুৰৰ ২০ বৰ্ষীয় ৰীমা ডেণ্ডেৰ। বিয়াৰ বাবে ইটো সিটো বজাৰ সমাৰো কৰিবলৈ আৰম্ভ কৰিছিল ৰীমাৰ পৰিয়াল। কিন্তু ঘৰখনলৈ এই সুখৰ মুহূৰ্ত অহাৰ পূৰ্বেই নামি আহিল কাল সন্ধ্যা!
ওড়িশাৰ (Odisha) গঞ্জম (Ganjam) জিলাৰ কলিংগা ঘাটৰ (Kalinga Ghat) ওচৰত সংঘটিত এক বাছ দুৰ্ঘটনাত (Horrific Bus Accident) কমেও ৬ গৰাকী লোক (6 Person Spot Died) নিহত হৈছে। মৃত লোককেইগৰাকীৰ ভিতৰত ৰীমা ডেনৰে (Rima Denre) ৬ মাহ পিছত বিবাবপাশত আৱদ্ধ হোৱা কথা আছিল। কিন্তু নিয়তিৰ পৰিহাস বিয়াৰ পূৰ্বে পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈ এই সংসাৰ ত্যাগ কৰিলে ৰীমাই। ৰীমাৰ লগতে এই দুৰ্ঘটনাটোত মৃত্যুক সাৱটে সুপ্ৰিয়া ডেণ্ডে (৩২), স্পেকট্ৰাম মান্না (৩৬), সঞ্জীৱ পাত্ৰ (৩৬),আৰু মৌচুমী ডেনৰে (৩৭)আৰু স্বপ্ন গুচাই (৫০)। মৃত লোককেইগৰাকীৰ লগতে প্ৰায় ৪০ গৰাকী লোক সাধাৰণ বা গুৰুতৰভাবে আহত হৈছিল। ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) শোক প্ৰকাশ কৰিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও (West Bengal Chief Minister Mamata Banerjee) দুখ প্ৰকাশ কৰিছে কিয়নো মৃত্যু হোৱা লোকসকল পশ্চিম বংগৰ আছিল।
তথ্য অনুসৰি, বাছখনৰ আৰোহীসকল পশ্চিম বংগৰ (WestBengal)। লোককেইজন বিশাখাপত্তনমলৈ গৈ আছিল, তেতিয়াই তেওঁলোকৰ বাছখন গঞ্জম জিলাত দুৰ্ঘটনাত পতিত হৈছিল। বাছখনত থকা ছয়জন লোক নিহত হৈছিল আৰু এক ডজনৰো অধিক গুৰুতৰভাৱে আহত হৈছিল (40 injured)। আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাছখনত মুঠ ৭৭জন লোক আছিল বুলি খবৰ পোৱা গৈছিল।
পশ্চিমবংগৰ (WestBengal) বাসিন্দা লোককেইগৰাকী
মমতা বেনাৰ্জীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয় যে- “আমাৰ চৰকাৰে ওড়িশা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে যাতে মৃতকৰ মৰণোত্তৰ পৰীক্ষা আৰু আহতসকলৰ চিকিৎসা অতি সোনকালে সম্পন্ন কৰা হয় আৰু তেওঁলোকক ঘূৰাই অনা হয়। আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব আৰু উদয়নাৰায়ণপুৰৰ বিধায়কক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছো।”
Odisha | Six people were killed & over 40 injured after a bus overturned near Kalinga Ghat in Ganjam last night
Tourists from West Bengal were returning from Daringbadi. It must have happened due to brake failure or the driver is new to ghat road: Pradhan, Fire Officer pic.twitter.com/nHs6Gh0FXM
— ANI (@ANI) May 25, 2022
Ganjam (Odisha) road accident | "Our admn is coordinating with Odisha officials for speedy postmortem of the dead, treatment for the injured & their return. Rushing a high-level team led by Principal Secretary, Disaster Management and MLA Udaynarayanpur to Odisha," WB CM tweets. pic.twitter.com/2HRgA4iibA
— ANI (@ANI) May 25, 2022
জানিব পৰা মতে বাছখন ২৩ মে’ত হাওৰাৰ (Howrah) উদয়নাৰায়ণপুৰৰ (Udaynarayanpur) পৰা যাত্ৰা আৰম্ভ কৰি প্ৰথমে ডেৰিংবাৰীত (Daringbadi) উপস্থিত হৈছিল। তাৰ পৰা নিশা বিশাখাপট্টনমলৈ ৰাওনা হওঁতেই ৰাস্তাৰ মাজত বাছখনৰ হঠাতে ব্ৰেক ফেইল হৈ নিয়ন্ত্ৰণ হেৰুওৱাত এই ঘটনাটো সংঘটিত হয়।
Photo: Google
Discussion about this post