উত্তৰ প্ৰদেশৰ (Uttar Pradesh) লালিয়া আৰক্ষী (Lalia Police) থানা অঞ্চলৰ অন্তৰ্গত ভবনিয়াপুৰ গাঁৱত এডাল বিষাক্ত সাপে খুঁটাৰ ফলত দুই ভায়েকৰ মৃত্যু হৈছিল (Two Brothers Died Due To Snake Bite)। অঞ্চল আৰক্ষী বিষয়া ৰাধা ৰমন সিঙে কৈছিল যে ২ আগষ্টত অৰবিন্দ মিশ্ৰক (৩৮)ক সাপে খুঁটিয়াইছিল (Snake Bite) আৰু তেওঁক জিলা হাস্পতাললৈ লৈ যোৱা হৈছিল, য’ৰ পৰা মিশ্ৰক বহৰাইচলৈ প্ৰেৰণ কৰা হৈছিল। বহৰাইচতে তেওঁ কৰুণ মৃত্যুক সাৱটি লয়।
তেওঁ কয় যে অৰবিন্দ মিশ্ৰাৰ অন্তিম সংস্কাৰত অংশ ল’বলৈ লুধিয়ানাৰ পৰা তাত উপস্থিত হোৱা তেওঁৰ কনিষ্ঠ ভাতৃ গোবিন্দ মিশ্ৰ (৩২) আৰু তেওঁৰ আত্মীয় চন্দেখৰ পাণ্ডে অন্তিম সংস্কাৰৰ পিছত ঘৰতে থাকি গৈছিল।
সিঙে কৈছিল যে বুধবাৰে নিশা শুই থাকোঁতে বিষাক্ত সাপে গোবিন্দ মিশ্ৰ আৰু চান্দেখৰ পাণ্ডেকো খুঁটিছিল। দুয়োৰে স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে, হাস্পতাললৈ লৈ যোৱা হয়, য’ত গোবিন্দ মিশ্ৰৰ মৃত্যু হয়। গোবিন্দ মিশ্ৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, আনহাতে চন্দ্ৰশেখৰ পাণ্ডেৰ অৱস্থা সংকটজনক ।
ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত, মুখ্য চিকিৎসা বিষয়া আৰু বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়। ঘটনাটোৰ বিষয়ে জানিব পাৰি আঞ্চলিক বিধায়ক কৈলাশ নাথ শুক্লাই মৃতকৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকক সান্তনা দিয়ে আৰু তেওঁলোকক চৰকাৰৰ পৰা আৰ্থিক সহায়ৰ আশ্বাস দিয়ে।
একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যক সাপে খুঁটাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ভৱানীপুৰত (Bhawanipur)। ইফালে সাপৰ আতংকত নিদ্ৰা হৰিছে অঞ্চলবাসীৰো। ইফালে, জ্যেষ্ঠ চিকিৎসা আৰু প্ৰশাসনিক কৰ্মচাৰীয়েও গাঁওখন পৰিদৰ্শন কৰে। গাঁওখনত যাতে এনে শোকাবহ ঘটনা দুনাই সংঘটিত নহয় আৰু সাপৰ আক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে প্ৰশাসনেও।
Photo: Google
Discussion about this post