শিশুক কেতিয়াও অকলে ঘৰত থৈ নাযাব, নহ’লে ভুগিব ভয়ংকৰ পৰিণতি। শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ (Maharashtra) পালঘৰ জিলাত (Palghar District) ভাছাইৰ (Vasai) হেৰিটেজ চিটিৰ ৰিজেঞ্চি ভিলাত এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে।
মানিকপুৰ আৰক্ষীয়ে (Manickpur police) জানিবলৈ দিয়া মতে, ৰিজেঞ্চি ভিলাৰ (Regency Villa) সপ্তম মহলাৰ নিৱাসী শ্ৰদ্ধা (Shraddha Mahajan) নামৰ মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত পুত্ৰক স্কুলৰ বাছত উঠাই দিবলৈ বিল্ডিঙৰ গেটলৈ ওলাই আহিছিল। সেই সময়ত ঘৰতেই শুই আছিল তেওঁৰ তিনি বছৰীয়া কন্যা শ্ৰেয়া মহাজন (Shreya Mahajan)।
কিন্তু মাতৃ ওলাই যোৱাৰ ক্ষন্তেক পিছতে সাৰ পাই উঠি কণমানিটিয়ে মাকক বিচাৰিবলৈ আৰম্ভ কৰে আৰু বেলকনীলৈ খোজকাঢ়ি ওলাই আহে। সেই সময়ত কণমানি শ্ৰেয়াই হাতত লৈ আহিছিল মাকৰ মোবাইলটো। মোবাইলটোৰ সৈতে বেলকনীলৈ আহে, কিন্তু তাৰ অলপ সময়ৰ পিছতে বেলকনিৰ ৪ প্ৰায় ৪ ফুট উচ্চতাৰ লোহাৰ ৰেলিঙৰ মাজেৰে মোবাইলটো বাগৰি পৰে। মোবাইলটো ক’ত পৰিল সেয়া চাবলৈ শ্ৰেয়াই ৰেলিঙৰ ওপৰত থিয় হয় (Shreya Climbed Onto The Railing And Fell Down) আৰু বিল্ডিঙৰ ওপৰৰত পৰা তলত বাগৰি পৰে (3 Year Old Dies After Falling From Balcony Of Seventh Floor)।
ইফালে শ্ৰেয়া তলত বাগৰি পৰা পিছতে তাত নিয়োজিত সুৰক্ষা কৰ্মী আৰু তাতে বাস কৰা লোকসকলে কিবা শব্দ শুনা পাই ঘটনাস্থলীলৈ দৌৰি আহি দেখে যে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে শ্ৰেয়া। শিশুটিৰ মাতৃ শ্ৰদ্ধাও সেই সমসয়ত ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে তুমুৰলি হৈ থকা শিশুটিক লগে লগে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
জানিব পৰা মতে, শ্ৰেয়াৰ পিতৃ এটা ব্যক্তিগত কোম্পানীত (Private Company) কৰ্মৰত। কোম্পানীৰ কামতে তিনিমাহৰ বাবে ছিংগাপুৰত (Singapore) আছে শিশুটিৰ পিতৃ। শিশুটিৰ এনে কৰুণ মৃত্যুৱে স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
Photo: Google
Published By: Dulu Medhi
Discussion about this post