মুম্বাইৰ আন্ধেৰী এলেকাত (Mumbai’s Andheri Area) এগৰাকী ৩০ বছৰীয়া মডেলে চাৰ বাংলো এলেকাৰ এখন হোটেলত চিলিং ফেনত ফাঁচী লগাই আত্মহত্যা কৰে (30 year Old Model Commited Suicide)। মডেলগৰাকীয়ে হোটেলখনত এটা কোঠা ভাড়া লৈ থাকিবলৈ আহিছিল। মডেলগৰাকীৰ নাম আকাংক্ষা মোহন বুলি কোৱা হৈছে। যুৱতীগৰাকী লোখণ্ডৱালাৰ যমুনা নগৰ চছাইটিত বাস কৰিছিল। ভাৰ্ছোভা আৰক্ষীয়ে (Versova Police) ADRৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আত্মহত্যাৰ ঘটনাৰ তদন্ত চলি আছে।
আৰক্ষীয়ে কয় যে বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত মডেলগৰাকীয়ে হোটেলখনত সোমাইছিল। নিশা আহাৰ অৰ্ডাৰ কৰিছিল। পাছদিনা যেতিয়া হোটেলৰ বেইটাৰে কোঠাটোত যায় কেইবাবাৰো কলিং বেল বজোৱাৰ পিছতো দুৱাৰ খুলি দিয়া নাছিল। যাৰ বাবে হোটেলৰ কৰ্মচাৰীজনে এই খবৰ হোটেলখনৰ মেনেজাৰক দিয়ে। মেনেজাৰে আৰক্ষীক ফোন কৰি সকলো তথ্য দিয়ে। ইয়াৰ কিছু সময়ৰ পিছতে তাত উপস্থিত হোৱা আৰক্ষীয়ে কোঠাটো মাষ্টাৰ চাবিৰে খুলিলে। তাৰ পিছত আৰক্ষীয়ে দেখিবলৈ পালে যে মডেলগৰাকী ফেনত ওলমি আত্মহত্যা (Model’s Body Was Found Hanging From The Fan) কৰিছিল।
আৰক্ষীয়ে হোটেলৰ কোঠাৰ পৰা এখন ছুইচাইড নোটো (Recovered A Suicide Note) উদ্ধাৰ কৰিছে। ছুইচাইড নোটত মডেলগৰাকীয়ে লিখিছিল- ‘ক্ষমা কৰিব, ইয়াৰ বাবে কোনেও দোষী নহয়। কাকো আমনি নকৰিব। মই সুখত নাই, মোক কেৱল শান্তিৰ প্ৰয়োজন।’ ভাৰ্ছোভা আৰক্ষীয়ে (Versova Police) এডিআৰৰ (ADR) অধীনত এটা গোচৰ ৰুজু কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে আত্মহত্যাটো সুখী নোহোৱাৰ প্ৰকৃত কাৰণ নে আন কিবা।
Photo: Google
Discussion about this post