সোমবাৰে World Economic Forumৰ দাবোছ ছামিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। এইখন ভাৰ্চুৱেল সন্মিলন আছিল, য’ত কোনো সমস্যাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) নিজৰ সম্বোধন মাজতে ৰখাই দিবলগীয়া হ’ল। এই সন্মিলনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে। এই ভিডিঅ’টো চাই দাবী কৰিব পাৰি যে টেলিপ্ৰম্পটাৰত অহা সমস্যাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে সম্বোধন ৰখাই দিবলগীয়া হ’ল।
Watch Video:
অৱশ্যে, আনুষ্ঠানিকভাৱে এই সমস্যাক লৈ কোনোধৰণৰ বিবৃতি জাৰি কৰা হোৱা নাই, কিন্তু বিৰোধীয়ে ইয়াক টেলিপ্ৰম্পটাৰৰ সমস্যা বুলি কয় আছে। আনহাতে বিজেপি নেতাসকলে দাবী কৰিছে যে এই টেকনিকেল গ্লিচ World Economic Forumৰ ফালৰ পৰা হৈছে। এই ভিডিঅ’টোক লৈ ৰাহুল গান্ধীয়ে (Rahul Gandhi) লিখিলে, ইমান মিছা Teleprompter-য়েও সহ্য কৰিব নোৱাৰিলে।
इतना झूठ Teleprompter भी नहीं झेल पाया।
— Rahul Gandhi (@RahulGandhi) January 18, 2022
সোমবাৰে এই অনুষ্ঠানটিত নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) আৰম্ভ কৰিছিল ভাষণ। সকলোকে নমস্কাৰ জনাই হিন্দীতে আৰম্ভ কৰিছিল ভাষণ। বিভিন্ন দেশৰ কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ প্ৰতিনিধি সংযুক্ত হৈ আছিল এই বৈঠকত। কেইমিনিটমান ভাষণ দিয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত লাগিল খোকাজা। যাৰ ফলত কেইছেকেণ্ড মানৰ বাবে ৰৈ দিব লগীয়া পৰিস্থিতিৰ লগতে অসহায় হৈ পৰিল প্ৰধানমন্ত্ৰীগৰাকী।
— Vicky (@vicky_1684__) January 18, 2022
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে যি টেলিপ্ৰম্পটাৰ চাই উক্ত ভাষণ প্ৰদান কৰি আছিল, হঠাতে বন্ধ হৈ পৰিছিল উক্ত মেচিনটো। যান্ত্ৰিক বিজুতিৰ বাবে মেচিনটো বন্ধ হৈ পৰাৰ বাবেই ভাষণত খোকোজা লাগে প্ৰধানমন্ত্ৰীগৰাকীৰ।
Modi addressing the World Economic Forum. See what happens when the teleprompter hangs up! pic.twitter.com/v7ZUTu8mEp
— Prashant Bhushan (@pbhushan1) January 18, 2022
Teleprompter কি হয়?
Teleprompterক Autocue নামেৰেও জনা যায়। এইটো এটা Display Device, যাৰ জৰিয়তে যিকোনো এজন লোকে ভাষণ (Speech) বা স্ক্ৰিপ্ট পঢ়াত সহায় কৰে। সাধাৰণতে ইয়াৰ ব্যৱহাৰ টেলিভিছন ৰুমত কৰা হয়। ইয়াৰ স্ক্ৰীণ ভিডিঅ’ কেমেৰাৰ পৰা অলপ তলত থাকে, যিটো চাই বাতৰি পৰিৱেশকসকলে নিজৰ স্ক্ৰীপ্ট পঢ়ে। অৱশ্যে, প্ৰধানমন্ত্ৰী আৰু অন্য ডাঙৰ নেতাসকলে ব্যৱহাৰ কৰা এই Teleprompter অলপ পৃথক হয়।
কিমান মূল্য এই Teleprompterৰ?
এইধৰণৰ টেলিপ্ৰম্পটাৰৰ মূল্য বহুত বেছি হয়। ভাৰতত ইয়াক ২, ৭৮, ৭৫৫ টকাৰ পৰা আৰম্ভ কৰি ১, ৭১২, ৪৮৫ মূল্যত ক্ৰয় কৰিব পাৰি। উল্লেখ্য যে, এই টেলিপ্ৰম্পটাৰ হৈছে সাধাৰণে সংবাদমাধ্যমত এংকৰসকলে ব্যৱহাৰ কৰা এক যন্ত্ৰ। যি যন্ত্ৰৰ স্কীণ চাই বাতৰি পৰিৱেশক সকলে বিভিন্ন বাতৰি পৰিৱেশন কৰে।
Photo: Google
Discussion about this post