Scorpio Car washed away in Nagpur Viral Video: প্ৰলয়ংকাৰী বানে বিভীষিকা (Flood) নমাইছে মহাৰাষ্ট্ৰত (Maharastra)। ধাৰাসাৰ বৰষুণৰ (Heavy Rain) ফলত বৃদ্ধি পোৱা নৈৰ জলস্তৰে ইতিমধ্যে বুৰাই পেলাইছে বিস্তৃৰ্ণ অঞ্চল। বানৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে মঙলবাৰে মহাৰাষ্ট্ৰৰ (Maharastra) নাগপুৰৰ (Nagpur) পৰা এটা শোকাৱহ ঘটনা (Tragic Incident) পোহৰলৈ আহিছে। বৰষুণৰ বাবে, পানী জমা হোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে। নাগপুৰত যাত্ৰী কঢ়িয়াই নিয়া এখন স্কৰপিঅ’ বাহন (Scorpio Car Washed Away) বাঢ়নি পানীত উটি যায়, তাত ৬ গৰাকী লোকে যাত্ৰা কৰি আছিল (6 Passengers Traveling)। এই ঘটনাটো মঙলবাৰে দুপৰীয়া ২ বজাত সংঘটিত হৈছিল বুলি কোৱা হৈছে, ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্য়কৰ পৰিৱেশৰ সৃষ্টি কৰে।
এই ভয়ংকৰ ঘটনাত বাহনখনৰ ভিতৰত থকা ৬ গৰাকী যাত্ৰীৰেই সলিল সমাধি ঘটে (6 Passengers Drowned)। ইতিমধ্যে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আন তিনিজনৰ মৃতদেহৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।
জানিবলৈ দিয়া অনুসৰি সাবনেৰৰ ওচৰৰ কালভাৰ্টটো পানীৰে ভৰি পৰিছিল, ইয়াৰ পিছতো চালকজনে পানীভৰ্তি কালভাৰ্টৰ পৰা স্কৰপিঅ’ বাহনখন উলিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু পানীৰ ঢৌ ইমানেই আছিল যে স্কৰপিঅ’ বাহনখন সেই ঢৌত উটি যায়।
সংবাদ সংস্থা পিটিআইৰঅনুসৰি, ঘটনাটো নাগপুৰ গ্ৰাম্য জিলাৰ চাউনেৰ তহচিলৰ নন্দগোমুখ ৰোড এলেকাত সংঘটিত হৈছিল, বাঢ়নি পানীত উটি যোৱা আটাইকেইজন লোক মধ্য প্ৰদেশৰ বাসিন্দা বুলি কোৱা হৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখে।
Nagpur, where the Scorpio car was washed away in the sudden flood in which 8 people were aboard.#Monsoon2022 #monsoon #rainhavoc pic.twitter.com/3yLpucMxlD
— Preeti Sompura (@sompura_preeti) July 12, 2022
উদ্ধাৰ হোৱা লোককেইগৰাকী ক্ৰমে ৰোশনী চকীদাৰ (৩২), দৰ্শন চকীদাৰ (১০) আৰু এছইউভি চালক লীলাধৰ হিভাৰে (৩৮) বুলি চিনাক্ত কৰা হৈছে। সন্ধানহীন হৈ আছে মধুকৰ পাটিল (৬৫), তেওঁৰ পত্নী নিৰ্মলা (৬০) আৰু নিমু আটনাৰ (৪৫)।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সোমবাৰে এক প্ৰতিবেদনত কৈছিল যে ১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত মহাৰাষ্ট্ৰত বৰষুণ সম্পৰ্কীয় ঘটনাত ৮৩ গৰাকী লোকৰ মৃত্যু হৈছে। মুম্বাই আৰু ইয়াৰ কাষৰীয়া অঞ্চলকে ধৰি ৰাজ্যখনৰ কেইবাটাও ঠাইত ১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত ধাৰাসাৰ বৰষুণ হৈছিল।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী (Deputy Chief Minister) দেৱেন্দ্ৰ ফাডনাভিছে (Devendra Fadnavis) সহায়ৰ ঘোষণা কৰিছে
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কৈছিল যে ৰাজ্য চৰকাৰে প্ৰতিজন মৃত ব্যক্তিৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ সাহায্য দিব। ফাডনাভিছে ঘটনাসন্দৰ্ভত টুইট কৰি কয়, “দলঙৰ পৰা বাহন বাগৰি পৰা আৰু তাত যাত্ৰা কৰা লোককেইগৰাকী বাঢ়নি পানীত উটি যোৱা ঘটনাটোক লৈ মই গভীৰভাৱে দুঃখিত।
Photo: Google
Published By: Dulu Medhi
Discussion about this post