Mumbai Case Viral Video: এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মুম্বাইৰ (Mumbai) পশ্চিম আন্ধেৰীত। গাড়ীৰ ভিতৰত প্ৰেমিকাৰ সৈতে প্ৰেমত মতলীয়া হৈ থকা অৱস্থাতে স্বামী ধৰা পৰিল হাতে-লোটে (Film Producer Kamal Kishore Mishra Extra Marital Affairs)। ধৰা পৰাৰ পিছত পত্নীক ক্ষমা খোজাৰ পৰিৱৰ্তে গাড়ীৰে মহটিয়াই হত্য়াৰ চেষ্টা চলালে এজন ছবি প্ৰযোজকে।
ইতিমধ্যে কমল কিশোৰ মিশ্ৰ (Film Producer Kamal Kishore) নামৰ ছবি প্ৰযোজকজনে পত্নীক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ চেষ্টা চলোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত (Social Media Viral Video)। আনহাতে প্ৰযোজক স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত (Amboli Police) এজাহাৰ দাখিল কৰিছে ভুক্তভুগী পত্নীয়ে।
https://twitter.com/ANI/status/1585294131970334720?s=20&t=eKrlcmBzS3AJw8egURLKMQ
এই ভয়ংকৰ দৃশ্যই এতিয়া সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মহিলাগৰাকী হৈছে প্ৰযোজক কমল কিশোৰ মিশ্ৰৰ পত্নী। প্ৰযোজক স্বামীৰ সৈতে মুম্বাইৰ (Mumbai) পশ্চিম আন্ধেৰীত বাস কৰে তেওঁ।
শেহতীয়াকৈ প্ৰযোজকজনৰ আন এগৰাকী যুৱতীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পায়। যাৰ ফলত পতি-পত্নীৰ মাজত সংঘাত বৃদ্ধি পাবলৈ ধৰে। ১৯ অক্টোবৰত মহিলাগৰাকীয়ে স্বামীৰ অনুসৰণ কৰি পাৰ্কিং লটত গাড়ীৰ ভিতৰত আন এগৰাকী যুৱতীৰ সৈতে হাতে-লোটে ধৰা পেলায়। তাৰ পিছতে গাড়ীৰে মহতিয়াই পত্নীক হত্যাৰ চেষ্টা চলায় প্ৰযোজক কমল কিশোৰ মিশ্ৰই।
Photo: ANI
Discussion about this post