পুনৰ জ্বলিছে মণিপুৰ। সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে হত্যা কৰা মেইটেই সম্প্ৰদায়ৰ দুই কিশোৰৰ মৃতদেহৰ ছবি ভাইৰেল হৈ পৰাৰ পাছতে বুধবাৰৰ পৰা পুনৰ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে ।
প্ৰাপ্ত খবৰৰ মতে ইম্ফলৰ মইৰাংখোমত ইম্ফল ইষ্ট পুলিচৰ জিপ্সী বাহনত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে।
উত্তেজিত ৰাইজে প’ৰ’মপাট থানাৰ এছডিপিঅ’ তেজবীৰৰ গাড়ীখন জ্বলাই দিয়াৰ লগতে চালকৰ নাইন এম এম পিষ্টল ৰাইজে কাঢ়ি নিয়াৰ খবৰ পোৱা গৈছে। ইয়াৰ পূৰ্বে নিশা প্ৰায় ৮ বজাত বিজেপিৰ মণিপুৰ প্ৰদেশৰ সভাপতি অধিকাৰীম শৰদা দেৱীৰ বাসগৃহক লক্ষ্য কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষীয়ে হস্তক্ষেপকৰাত প্ৰতিবাদী ৰাইজৰ সৈতে আৰক্ষীৰ সংঘাতৰ সৃষ্টি হয়। অৱশ্যে শৰদা দেৱীক নিৰাপদ স্থানলৈ লৈ যোৱা হয় যদিও সংঘৰ্ষৰ সময়ত ক্ষুব্ধ জনতাই আৰক্ষীৰ বাহনখনত জুই লগাই দিয়ে।
মৈৰাংখোমৰ স্থানীয় বাসিন্দাসকলে মেইটেই ছাত্ৰ দুগৰাকীক অপহৰণ আৰু হত্যাৰ বিৰুদ্ধে চলা আন্দোলনৰ সৈতে একতা প্ৰকাশ কৰি প্ৰতিবাদত যোগ দিয়ে। ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে।
ভিৰ আৰু ছত্ৰভংগ দিবলৈ আৰক্ষী আৰু ৰেপিড একচন ফৰ্চে কন্দুৱা গেছ আৰু মক বোমা নিক্ষেপ কৰে। ইম্ফল পশ্চিম জিলা উপায়ুক্তৰ কার্যালয়ত গভীৰ নিশা প্রতিবাদকাৰীয়ে আক্রমণ কৰি কার্যালয় চৌহদৰ ভিতৰত ৰখাই থোৱা দুখন বাহনত অগ্নিসংযোগ কৰে৷
শেহতীয়া খবৰ অনুসৰি আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙ, প্ৰদেশ বিজেপিৰ সভাপতি, দলৰ কাৰ্যালয়কে ধৰি বিভিন্ন স্থানত আক্ৰমণ আৰু অগ্নি সংযোগৰ দৰে ঘটনা সংঘটিত হয়। পূৱ ইম্ফলত থকা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পৈতৃক বাসগৃহলৈ যাত্ৰা কৰি এদল প্ৰতিবাদকাৰীয়ে বাসগৃহটোত আক্ৰমণ চলায় যদিও নিৰাপত্তাৰক্ষীৰ প্ৰচেষ্টাত আক্ৰমণকাৰীসকলক খেদি পঠিয়াবলৈ সক্ষম হয়।
ইপিনে মণিপুৰৰ পৰিস্থিতিয়ে পুনৰ শোচনীয় ৰূপ ধাৰণ কৰাৰ সময়ত শ্ৰীনগৰৰ এছ এছ পি ৰাকেশ বলৱালক মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰ কেডাৰৰ আৰক্ষী বিষয়াগৰাকী শ্ৰীনগৰৰ এছ এছ পি অধিষ্ঠিত হোৱাৰ পূৰ্বে তিনি বছৰকাল নিয়াত কাৰ্যনিবাহ কৰিছিল। নিয়াত থকা কালত ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত কমিটীৰ অন্যতম সদস্য আছিল।
Discussion about this post