এটা আপ্তবাক্য আপুনি নিশ্চয় শুনিছে যিটো প্ৰায়ে অপ্ৰয়োজনীয় খৰচৰ বাবে ব্যৱহাৰ কৰা হয় আৰু সেই বাক্যশাৰী হৈছে পানীৰ দৰে টকা বোৱাই দিয়া। অৰ্থাৎ ফাল্টু খৰচ কৰা। কিন্তু PWD বিভাগৰ কনিষ্ঠ অভিযন্তাজনে (Junior Engineer) এই আপ্তবাক্য গুৰুত্বসহকাৰে লৈ পানীৰ পাইপত নোট ভৰাই দিয়ে। যেতিয়া আয়কৰ বিভাগে (Anti-Corruption Bureau) তালাচী অভিযান চলাই তেতিয়া পাইপৰ পৰা পানীৰ দৰে টকা ওলাই (Money spills out of pipe)।
চাওক VIDEO-
ঘটনাটো কৰ্ণাটকৰ (Karnataka) কালবুৰ্গীৰ য’ত দুৰ্নীতি বিৰোধী ব্যুৰোৰ দলে লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা (Junior Engineer) বিৰাদৰৰ সান্তনাগৌড়াৰ গুব্বী কলনীস্থিত (Gubbi Colony) ঘৰত অভিযান চলায়। অভিযানৰ সময়ত প্লাম্বাৰক মাতি অনা হৈছিল আৰু প্লাম্বাৰে পাইপ কাটি দিয়াৰ লগে লগে, পানীৰ দৰে টকা বৈ যাবলৈ আৰম্ভ কৰিছিল। ঘৰটোৰ পৰা মুঠ ৪০ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল আৰু পাইপৰ পৰা পাঁচ লাখ টকা উদ্ধাৰ কৰা হৈছিল।
#WATCH Karnataka ACB recovers approximately Rs 13 lakhs during a raid at the residence of a PWD junior engineer in Kalaburagi
(Video source unverified) pic.twitter.com/wlYZNG6rRO
— ANI (@ANI) November 24, 2021
ইয়াৰ উপৰিও, অভিযন্তা গৰাকীৰ ঘৰৰ পৰা কেইবাটাও সম্পত্তিৰ কাগজ-পত্ৰও উদ্ধাৰ কৰা হৈছে। তাত ৰেছিডেঞ্চৰ উপৰিও, ফাৰ্ম হাউছ আৰু ভিলাৰ কাগজও পোৱা গৈছিল। দুৰ্নীতি বিৰোধী ব্যুৰো বিষয়াসকলে এতিয়াও স্পষ্টকৈ বৰ্ণনা কৰিব পৰা নাই যে এই ধনকুবেৰৰ ওচৰত কিমান টকা আছে।
PWD অভিযন্তা বিৰাদাৰে ১৯৯২ চনত কালবুৰ্গী জিলা পঞ্চায়তৰ অভিযান্ত্ৰিক বিভাগত কনিষ্ঠ অভিযন্তা (Junior Engineer) হিচাপে চাকৰি আৰম্ভ কৰিছিল ৷ প্ৰথমতে তেওঁ চুক্তিত আছিল আৰু তাৰ পিছত ২০০০ চনত স্থায়ী হৈ গৈছিল ৷ বিৰাদকাৰৰ সম্পত্তি দেখি অনুমান কৰিব পাৰি যে তেওঁ বহু বছৰ ধৰি উৎকোচ লৈ আছিল আৰু ইমান সম্পত্তি লোৱা স্বত্বেও ঘৰত ইমান নগদ ধন ৰাখিছিল। । বৰ্তমান, পাইপৰ পৰা টকা ওলোৱা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Photo: ANI
Discussion about this post