ফলৰ দোকানৰ পৰা প্ৰায় ১০ কেজি আম চুৰি কৰি নিলম্বন হ’ল এজন আৰক্ষী বিষয়া (Police Suspend CPO Who Stole Mangoes From Roadside Fruits Store)। এই ঘটনা সংঘটিত হৈছে কেৰালাৰ কোট্টায়ম (Kottayam) জিলাৰ কাঞ্জিৰাপল্লীত (Kanjirapally)। যোৱা ছেপ্টেম্বৰ মাহতে এই চুৰিকাণ্ড সংঘটিত কৰিছিল পিভি চিহাব (PV Shihab) নামৰ অসামৰিক আৰক্ষী বিষয়াজনে।
শেহতীয়াকৈ এই চুৰিকাণ্ডৰ এটা চিচিটিভি ফুটেজ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media CCTV Footage Viral) হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে নিলম্বন কৰে আৰক্ষী বিষয়াজনক (Police Officer Suspend)।
২৮ ছেপ্টেম্বৰত মাজনিশা কৰ্তব্যৰ পৰা ওভতাৰ সময়ত কাঞ্জিৰাপল্লীৰ এখন ফল-মূলৰ দোকানৰ সন্মুখৰ পৰা প্ৰায় ১০ কেজি (10 Kg Stole Mangoes) আম চুৰি কৰি নিছিল আৰক্ষী বিষয়া পিভি চিহাবে কিন্তু দোকানখনৰ চিচি টিভি কেমেৰাত বন্দী হৈ ৰয় আৰক্ষী বিষয়াজনৰ এই চুৰিকাণ্ড।
കോട്ടയം കാഞ്ഞിരപ്പള്ളിയിൽ മാങ്ങ മോഷ്ടിച്ച പൊലീസ് ഉദ്യോഗസ്ഥന് സസ്പെൻഷൻ, ഇയാൾ ഇപ്പോഴും ഒളിവിലാണ് #policesuspension #mangotheft pic.twitter.com/zkwRyJ4r3U
— Asianet News (@AsianetNewsML) October 5, 2022
শেহতীয়াকৈ এই চুৰিকাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। অৱশ্যে ৰেইনকোট আৰু হেলমেট পৰিহিত আৰক্ষী বিষয়াজনক প্ৰথমে চিনাক্ত কৰাত অসুবিধা হয় আৰক্ষীৰো (Kerala Police)। কিন্তু আৰক্ষী বিষয়াজনৰ বাইকৰ নম্বৰেৰে অভিযান চলাই অৱশেষত এই চুৰিকাণ্ড পিভি চিহাবেই সংঘটিত কৰা বুলি নিশ্চিত কৰা হয়। চুৰিকাণ্ড সংঘটিত কৰাৰ পূৰ্বেই বিষয়াগৰাকীয়ে আশে-পাশে চাই লৈছিল যাতে কোনোৱে তেওঁক দেখা নাপায়।
ইয়াৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে ইডুকি আৰক্ষী অধীক্ষকে।
Photo: Google
Discussion about this post