ৰাজস্থানত (Rajasthan) বুধবাৰে পুৱা ভিলৱাৰাৰ (Bhilwara) ৰাইলা অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বেৰা চাৰিআলিৰ ওচৰত এখন গাড়ী আৰু এখন ট্ৰাকৰ সংঘৰ্ষত (Truck And Car Accident) একেটা পৰিয়ালৰে চাৰিজন লোক (4 Person Died) ঘটনাস্থলীত নিহত (Death) হয়। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ৰাইলা আৰক্ষীয়ে দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহবোৰ শৱগৃহত ৰাখে।
কেইবা কিলোমিটাৰ দূৰত পৰি যোৱা গাড়ীৰ পাৰ্টছ
ৰাইলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰি কয় যে ৰাজচমন্দ জিলাৰ ৰেলমাগ্ৰা অঞ্চলৰ অমৰপুৰা গাঁৱৰ বাসিন্দা দেৱী লাল তেওঁৰ পত্নী, পুত্ৰ আৰু পৰিয়ালৰ এজন সদস্যৰ সৈতে জয়পুৰৰ পৰা অমৰপুৰালৈ যাত্ৰা কৰি আছিল। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথ-৭৯ৰ বেৰা চাৰিআলিৰ ওচৰত এখন ট্ৰাকৰ সৈতে তেওঁলোকৰ গাড়ীৰ সংঘৰ্ষ (Truck And Car Accident) হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ Parts বহু দূৰলৈ ছিটিকি পৰে।
আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা অনুসৰি, গাড়ীত যাত্ৰা কৰা অমৰপুৰা নিবাসী দেৱীলাল গাডৰী, তেওঁৰ পত্নী, পুত্ৰসহ পৰিয়ালৰ অন্য এজন সদস্য ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয়। আৰক্ষীয়ে মৃতদেহকেইটা চিনাক্ত কৰি মৃতদেহবোৰ ৰাইলা চহৰৰ সামূহিক চিকিৎসালয়ৰ শৱগৃহত ৰখোৱাইছিল।
দুৰ্ঘটনাটোৰ পিছত, ৰাষ্ট্ৰীয় ঘাইপথত দীঘলীয়া যান-জঁট হৈছিল, যিটো আঁতৰাবলৈ আৰক্ষীয়ে যথেষ্ট প্ৰচেষ্টা কৰিব লগা হৈছিল। এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীয়ে মৃতকৰ নিকটাত্মীয়ক অৱগত কৰিছে ঘটনাটোৰ বিষয়ে যাৰ পিছত মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়।
প্ৰত্যক্ষদৰ্শীয়ে ভয়ংকৰ দৃশ্যৰ কথা বিৱৰি কয়
খবৰ অনুসৰি সংঘৰ্ষৰ সময়ত দুয়োখন বাহনৰ গতি তীব্ৰ গতিত আছিল। দুৰ্ঘটনাটোৰ পিছত গাড়ীখনৰ অংশ উৰি গৈছিল আৰু ট্ৰাকখনো ওলোটাকে বাগৰি পৰিছিল। ঘটনাস্থলীত উপস্থিত লোকসকলে কৈছিল যে মৃতদেহবোৰ বিকৃত অৱস্থাত ৰাস্তাত সিঁচৰতি হৈ আছিল। আৰক্ষীৰ সহায়ত ওচৰৰ লোকসকলে মৃতদেহবোৰ উদ্ধাৰ কৰাত সহায় কৰিছিল।
মুখ্যমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰে
भीलवाड़ा के रायला क्षेत्र में हुए सड़क हादसे में 4 लोगों की मृत्यु अत्यंत दुखद है। मेरी संवेदनाएं शोकाकुल परिजनों के साथ हैं, ईश्वर उन्हें इस कठिन समय में सम्बल दें एवं दिवंगतों की आत्मा को शांति प्रदान करें।
— Ashok Gehlot (@ashokgehlot51) January 5, 2022
Photo: Tv9
আৰু পঢ়কঃ https://khatangkhobor.com/news/new-sop-announced-by-cm-himanta-biswa-sarma/5912/
Discussion about this post