গুজৰাটৰ (Gujrat) আৰাৱল্লীত (Aravalli) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে। প্ৰসিদ্ধ মন্দিৰ অম্বাজীলৈ গৈ থকা পথতে দ্ৰুতবেগী বাহনে মহটিয়াই থৈ যায় কেইবাগৰাকীও ভক্তক (Devotees Going Ambaji Crushed By Car 6 Died)। শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো। তাত উপস্থিত থকা লোকসকলে জানিবলৈ দিয়া অনুসৰি গাড়ীখনে ভক্তকেইগৰাকী মহটিয়াই আগলৈ গুচি যায়। এই কৰুণ পথ দুৰ্ঘটনাটোত ৬ গৰাকী ভক্তই থিতাতে প্ৰাণ হেৰুৱায়। আনহাতে আন ৭ গৰাকী ভক্ত গুৰুতৰভাবে আহত হয় (7 Critically Injured)। আহত কেইজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে, শুকুৰবাৰে আৰাৱল্লীৰ অম্বাজী মন্দিৰত অনুষ্ঠিত ভাদৰৱী পুনম মেলালৈ দাহোদৰ পৰা এটা ভক্তৰ দল খোজকাঢ়ি গৈ আছিল। সেই সময়তে মালপুৰৰ কৃষ্ণপুৰ গাঁৱৰ সমীপৰ ঘাইপথত এখন দ্ৰুতবেগী ইনোভা বাহনে মহতিয়াই থৈ যায় ভক্ত কেইজনক। ইফালে বাহনখন সম্পূৰ্ণৰূপে ভাঙি চূৰমাৰ হৈ যায়। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গাড়ী চালকজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে।
গুজৰাটৰ মুখ্যমন্ত্ৰী (Gujrat CM) ভূপেন্দ্ৰ পেটেলে (Bhupendra Rajnikant Patel) এই দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰাৰ লগতে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকা সাহায্য প্ৰদানৰো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
দৰাচলতে ৫ৰ পৰা ১০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব পুনম মেলা। গুজৰাট আৰু চুবুৰীয়া ৰাজস্থানৰ পৰা লাখ লাখ ভক্ত ৰীতি-নীতিৰ অংশ হিচাপে খোজকাঢ়ি অম্বাজী মন্দিৰত উপস্থিত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, এই মেলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, স্বাস্থ্য, অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় প্ৰশাসনৰ দলৰ সৈতে ৭,০০০ তকৈও অধিক কৰ্মচাৰী কৰ্তব্যত নিয়োজিত কৰা হ’ব।
Photo: Google
Discussion about this post