Government Orders Internet Services Provider Companies To Block 67 Pornographic Websites:
কেন্দ্ৰীয় চৰকাৰে ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলক ২০২১ত জাৰি কৰা নতুন আইটি নিয়ম উলংঘা কৰাৰ অভিযোগত ৬৭টা পৰ্ণ ৱেবছাইট (Porn Websites) নিষিদ্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকললৈ প্ৰেৰণ কৰা ইমেইলত দূৰসংযোগ বিভাগে (Department of Telecommunications) কোম্পানীবোৰক পুনে এখন আদালতৰ আদেশৰ ওপৰত ভিত্তি কৰি ৬৩টা বেৱছাইট, আনহাতে উত্তৰাখণ্ড উচ্চ ন্যায়ালয় (Uttarakhand High Court)ৰ আদেশ তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ আধাৰত ৪টা ৱেবছাইট ব্লক কৰিবলৈ কৈছে (Centre Blocks 67 Porn Websites Over Violation Of Court Order)।
মন্ত্ৰালয়ে তাৎক্ষণিকভাবে এই ৱেবছাইটবোৰ ব্লক কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে DoT দ্বাৰা ২৪ ছেপ্টেম্বৰত জাৰি কৰা আদেশত কোৱা হৈছে যে, “তথ্য প্ৰযুক্তিৰ নিয়ম-৩(২)(খ) (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম-২০২১ৰ সৈতে পঢ়া উক্ত আদেশ অনুসৰণ কৰি আৰু তলত উল্লেখ কৰা ৱেবছাইটত উপলব্ধ কিছুমান অশ্লীল সমলৰ প্ৰতি লক্ষ্য ৰাখি, যি মহিলাৰ শালীনতা উলংঘা কৰে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই ৱেবছাইট/URL বোৰ তাৎক্ষণিকভাৱে ব্লক কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
Photo: Google
Discussion about this post