বিশ্বনাথৰ (Biswanath) কুখ্যাত গঁড় চিকাৰীক (Rhino Poacher) গ্ৰেপ্তাৰ (Arrest)। কুখ্যাত গঁড় চিকাৰী নালকোক কেৰালাত (Kerela) গ্ৰেপ্তাৰ। অসম আৰক্ষীয়ে (Assam Police) ম’ষ্ট ৱাণ্টেড (Most Wanted) ঘোষণা কৰাৰ লগতে মূৰৰ দামো ঘোষণা কৰিছিল।
অসমত গঁড় চিকাৰ কৰি বহিঃৰাজ্যত আত্মগোপন কৰি থকা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকো আৰক্ষী জালত পৰিছে। অসমত গঁড় চিকাৰ কৰি খৰ্গ কাটি লৈ যোৱাৰ ঘটনাৰ বাবে কুখ্যাত গঁড় চিকাৰীটোক (Rhino Poacher) অসম আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড ঘোষণা কৰা লগতে মূৰৰ দাম ঘোষণা কৰিবলগীয়া হৈছিল।
বৃহস্পতিবাৰে নিশা অসম আৰক্ষীয়ে (Assam Police) বিশেষ অভিযান চলাই কেৰেলা আৰক্ষীৰ (Kerela Police)সহযোগত কুখ্যাত চোৰাং চিকাৰী নালকো ওৰফে আচমত আলীক (৩৫) কেৰেলাৰ বিনয়াবলমৰ সমীপৰ মাল্লাপ্পুৰমৰ বাণ্ডুৰ চহৰ এলেকাত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেযোগ্য যে শেহতীয়াকৈ কাজিৰঙাত এটা গঁড় চিকাৰ কৰাৰ ঘটনাত প্ৰত্যক্ষভাবে জড়িত আছিল এই চিকাৰীটো। আনকি অসম আৰক্ষী কুখ্যাত গঁড় চিকাৰীটোৰ তথ্য দিব পৰা লোকক ২ লাখ টকাৰ পুৰস্কাৰও ঘোষণা কৰিছিল।
ধৃত কুখ্যাত গঁড় চিকাৰী নালকোৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰ এক নং ৱাৰ্ড আদাভেটি গাঁৱত। ম’ষ্ট ৱাণ্টেড গঁড় চিকাৰীটোক গ্ৰেপ্তাৰ কৰা কাৰ্যত বন মন্ত্রী পৰিমল শুক্লবৈদ্যয়ো (Parimal Suklabaidya) অসম আৰক্ষীক (Assam Police) ধন্যবাদ জ্ঞাপন কৰি এয়া এক বৃহৎ সাফল্য আখ্যা দিয়ে ।
Photo & Input: পলাশ প্ৰিয়ম
Discussion about this post