দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মনিৰচৰত এক কৰুণ ঘটনা সংঘটিত হৈছে ৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ বৰাইবাৰীৰ এজন যুৱকে মনিৰচৰত বিয়া কৰিবলৈ আহি চিপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
পূৰ্ব নিৰ্ধাৰণ সময় সূচী মতে বিয়া কৰোৱাবলৈ আহে গৌৰীপুৰৰ বৰাইবাৰীৰ আব্বাচ আলী নামৰ যুৱক জনে ৷ কিন্তু নিজৰ প্ৰেমিকাক বিয়া কৰোৱাবলৈ আহি হঠাতে অপ্ৰস্তুত পৰিৱেশৰ সন্মুখীন হৈ পৰে আব্বাচ আলীয়ে ৷
প্ৰেমিকাৰ ঘৰৰ পৰা যুৱকজনৰ লগত বিয়া দিবলৈ অমান্তি হোৱাত আব্বাচ আলী নামৰ ২২ বছৰীয়া যুৱকজনে উপায়ন্তৰ হৈ মনিৰচৰৰ বৈদাৰ গাঁৱৰ মিনহাজ আলী নামৰ এজন লোকৰ ঘৰত নিশা থাকিবলৈ যায়।
পিছত তাতে মনৰ ক্ষোভত দুখ আৰু লাজত আৱেগিক হৈ ঘৰৰ ফেনত চিপজৰী লৈ আত্মহত্যা কৰে ৷ ইতিমধ্যে যুৱকজনক দক্ষিণ শালমাৰা থানালৈ লৈ অহা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Photo & Input: সামিম জাকাৰিয়া
Discussion about this post